নাছিৰ আহমেদ শিমলাবাৰী, গোৱালপাৰা
প্ৰাগৈতিহাসিক কালৰ পৰা পৃথিৱীৰ সকলো দেশতে মুখে মুখে সাধুকথা প্ৰচলিত হৈ আছিল। সাধুকথাবোৰ পৰিৱেশন ৰীতিও আছিল অতি চিত্তাকৰ্ষক। জোনাক নিশাত ঘৰৰ আগ বা ভিতৰ চোতালত ঢাৰি -পাটি পাৰি ককাইদেউতা বা আইতাকে নাতি-নাতিনীক কোলাত শুৱাই বা কাষতে বহুৱাই লৈ সাধুকথা পৰিৱেশন কৰোঁতে সংলাপ -গীত-নাটকীয় ভঙ্গীমাৰে সাধুকথাবোৰ ৰসাল কৰি তুলিছিল। নাতি-নাতিনীৰ বাহিৰেও ঘৰৰ সৰু -বৰ সকলোৱে এই সাধুকথা শুনাৰ বাবে সমবেত হোৱাৰ ফলত এক সামাজিক বান্ধোনৰ ভেটি সুদৃঢ় হৈছিল।
এই সাধুবোৰৰ বিষয়বস্তু আছিল বিশাল পৰিসৰৰ ; পৃথিৱীৰ জড়জগত- জীৱজগতৰ সকলো বস্তুক সামৰি একো একোটা সাধুকথা সৃষ্টি হৈছিল। সাধুকথা পৰিৱেশন কৰোঁতে এটা বিশেষ ঘটনাৰ পৰা বিষয়ান্তৰ ঘটনাৰ সংযোজিত হৈ কল্পনাৰ অশ্বাৰোহী ঘোঁৰাত উঠি গোটেই বিশ্বব্ৰহ্মাণ্ড পৰিভ্ৰমণ কৰিছিল।
কালক্ৰমত মুখে মুখে প্ৰচলিত সাধুবোৰ পৃথিৱীৰ সকলো দেশতে লিখিত ৰূপ লাভ কৰি ৰসোৰ্ত্তীৰ্ণ সাহিত্য হিচাপে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
এই সাধুকথাৰ পুথিবোৰ আৰু সাধুকথাবোৰ তলত সংক্ষেপে উল্লেখ কৰা হ'ল --
১/ গ্ৰীকৰ ঈশ্বপৰ সাধু Aesop's fables
২/ চীনৰ ড্ৰাগনৰ সাধু Dragon's tell.
৩/ ৰাছিয়াৰ টলষ্টয়ৰ সাধু
৪/ভাৰতৰ জাতক, পঞ্চতন্ত্ৰৰ সাধু
৫/ মধ্য প্ৰাচ্যৰ এহেজাৰ ৰাতি এনিশাৰ সাধু
৬/ পশ্চিম বঙ্গৰ সাত ভাই চম্পা
৭/ আফ্ৰিকাৰ Lion and Jackal
৮/ ইংলেণ্ডৰ সাধু Jack and Beanstalk
৯/ উত্তৰ আমেৰিকাৰ সাধু Jonney Apples seed
১০/ বুঢ়ী আইৰ সাধু ( ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ)
ইত্যাদি।
কিন্তু বিজ্ঞানৰ অভূতপূৰ্ব সাফল্যৰ বাবে আমাৰ পৃথিৱীখন এক যান্ত্ৰিক পৃথিৱীলৈ পৰিণত হোৱাত কল্পনা-প্ৰৱণতাৰে সৃষ্টিশীল সাহিত্যৰ পথাৰখনত বিৰাজমান এই প্ৰাচীন সাধুকথাবোৰ প্ৰায় লুপ্ত হোৱাৰ পথত।
আধুনিক সমাজ ব্যৱস্থাৰ ফলস্বৰূপে যৌথ পৰিয়াল ভাঙি একক পৰিয়াল ব্যৱস্থা সৃষ্টি হোৱাৰ বাবে পতি-পত্নীয়ে প্ৰতিষ্ঠা লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰাত ব্যস্ত থকাৰ ফলত সাধুকথা শুনাৰ প্ৰতি ধৈৰ্য নোহোৱা হৈছে ; নিজৰ সন্তানটিকো শ্ৰেণীৰ পাঠ্যক্ৰম আৰু বিভিন্ন অনুষ্ঠানত ব্যস্ত কৰি ৰখাত অগ্ৰাধিকাৰ দিয়াৰ বাবে শিশুসকলো সাধুকথা শুনাৰ বা পঢ়াৰ পৰিৱেশ নাই।
ইতিমধ্যে ডিজিটেল যুগ আৰম্ভ হোৱাৰ ফলত বৰ্তমান যুগৰ শিশুসকলে ম'বাইলৰ উত্তেজনা -পূৰ্ণ গেমচত আসক্তি বাঢ়ি যোৱাৰ ফলত সাধুকথাৰ প্ৰতি ধাউতি নোহোৱা হৈছে।
অথচ এই সাধুকথাবোৰ শুনাৰ বা পঢ়াৰ ফলত এসময়ত শিশু সকলৰ অপৰিসীম মানসিক বিকাশ সাধন হৈছিল । তলত কাৰণসমূহ সংক্ষেপে দিয়া হ'ল।
এই সাধুবোৰৰ বিষয়বস্তু কল্পনাৰ জগতৰ হোৱা বাবে সাধুকথাবোৰ শুনি বা পঢ়ি শিশুসকলৰ কল্পনাৰ অপৰিসীম বিকাশ সাধন হয ; যাৰ ফলত শিশুসকলে কল্পনাশক্তিক প্ৰয়োগ কৰি তেওঁলোকে ন ন কল্পনা আৱিষ্কাৰ কৰি এখন সুন্দৰ পৃথিৱীৰ বুকুত বাস কৰাৰ স্বপ্নত সদায় বিভোৰ হৈ থাকিব পাৰে।
সাধুকথাবোৰৰ মূল উদ্দেশ্যই হ'ল যিহেতু নীতি -বচনমূলক আদৰ্শ প্ৰচাৰ, এই সাধুকথাবোৰ উপভোগ কৰি কৰি শিশুসকলে স্বতঃস্ফূৰ্ত ভাবে নীতি -বচন সমূহ নিজৰ নিজৰ জীৱনত প্ৰয়োগ কৰি একো একোজন আদৰ্শবাদী ব্যক্তি হিচাপে পৰিগণিত হয়।
সাধুকথাবোৰত সকলো জীৱ -জন্তু, মানুহ, গছ-গছনি, নৈ ,বিল, পুখুৰী, পথাৰ, হাবি-বন, সাগৰ -মহাসাগৰ ,আকাশৰ বেলি,তৰা আদিক চৰিত্ৰ হিচাপে লৈ চৰিত্ৰবোৰৰ মাজত ভাৱৰ আদান-প্ৰদান আদি প্ৰকাশ কৰা হয় , শিশুবিলাকো সেইবোৰ অনুসৰণ কৰি মানসিক বিকাশৰ যাত্ৰা অবিৰতভাৱে চলি থাকে।
বিশেষকৈ জড়-জীৱজগতৰ সকলো বস্তুৱেই আবেগ অনুভূতি, কল্পনা প্ৰকাশৰ মাধ্যমত মনৰ আশা -আকাঙ্খা, সুখ-দুখ, আনন্দ- বিষাদ লগতে প্ৰেম-প্ৰীতি বিভিন্ন কথোপকথনৰ যোগেদি প্ৰকাশ কৰা দেখি শিশুসকলেও সেইবোৰৰ লগত সহমৰ্মীতা অনুভৱ কৰে আৰু এখন বিশাল জগতৰ সৈতে একাত্ম হৈ পৰে।
সাধুকথাবোৰৰ জৰিয়তে হিংসা-ক্ৰোধ, জীঘাংসা, প্ৰতিশোধপৰায়না আদি কুকৰ্ম ঘটনাৰ লগত জড়িত এটি চৰিত্ৰৰ পতন দেখি উদাৰ, দয়ালু ,সৎচৰিত্ৰ আৰু আদৰ্শ থকা পবিত্ৰ হৃদয়ৰ গৰাকী প্ৰতি আকৃষ্ট হৈ ভৱিষ্যৎ জীৱনত এজন সৎ ব্যক্তি হিচাপে গঢ় দিবলৈ চেষ্টা কৰে।
নিঃসন্দেহে, সাধুকথা পাঠ আৰু শুনি শিশুসকলৰ অপৰিসীম মানসিক বিকাশ সাধন হৈছিল।
কিন্তু, বৰ্তমান ডিজিটেল যুগত শিশুসকলে ম'বাইল বা লেপটপ আদি ডিজিটেল মাধ্যমত সম্পূৰ্ণ ৰূপে সংক্ৰিয় হৈ পৰাৰ ফলত তেওঁলোকৰ শাৰীৰিক আৰু মানসিক বিকাশ হোৱাৰ পৰিৱৰ্তে একো একোজন শিশু যন্ত্ৰ বা ৰবট -সদৃশ হৈ পৰিছে।
সেয়েহে, শিশুসকলৰ মানসিক বিকাশ সাধন কৰাৰ বাবে সাধুকথাবোৰ পুনৰুদ্ধাৰ কৰাৰ প্ৰয়োজন নুই কৰিব নোৱাৰি।