Type Here to Get Search Results !

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি বিষয়ত অধ্যয়ন কৰিব পাৰি ?


 ড° বুলজিৎ  বুঢ়াগোহাঁই

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত শিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান বা বাণিজ্য শাখাত নাম ভর্তি কৰিব নতুবা বৃত্তিমুখী (vocational) শিক্ষা গ্রহণ কৰিব পাৰে ।

    

     ১। ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই.টি.আই.ৰ বিভিন্ন ট্রেডত ২। পলিটেকনিকৰ বিভিন্ন বিভাগত ৩। উচ্চতৰ মাধ্যমিকৰ বিভিন্ন শাখাত (কলা/বাণিজ্য/বিজ্ঞান/ বৃত্তিমুখী) নামভৰ্তি কৰিব পাৰে ।

 

ঔদ্যোগিক  প্রশিক্ষণ  প্রতিষ্ঠান  বা  আই.টি.আই. :

 

  ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই.টি.আই.ৰ বিভিন্ন ট্রেডত পঢ়িবলৈ বাবে শিক্ষাগত অৰ্হতা বেলেগ বেলেগ হয়। আই.টি.আই.ত নামভৰ্তিৰ বাবে আবেদন অনলাইন যোগেদি কৰিব     লাগে । ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল – https://itiassam.admissions.nic.in । আবেদন কৰোতে এটা ই-মেইল আই.ডি. আৱশ্যক হয় । গতিকে, প্রাৰ্থীসকলে এটা ই-মেইল আই.ডি. খোলা প্রয়োজন আছে । এই পাঠ্যক্রমত নামভৰ্তিৰ হোৱা বৰ্ষৰ ১ আগষ্টত প্রাৰ্থীৰ বয়স ১৪ বছৰৰ কম হ’ব নালাগে । নম্বৰৰ ওপৰত ভিত্তি কৰি  নামভৰ্তি হয়। 

       অষ্টম শ্রেণী উত্তীৰ্ণ সকলে এবছৰীয়া পাঠ্যক্রম ৱেল্ডাৰ, প্লাম্বাৰ , ড্রেছ মেকিং ,  ছুয়িং টেকন'লজী, এমব্রইডাৰী আৰু দুবছৰীয়া  পাঠ্যক্রম ৱায়াৰমেন ট্রেডত অধ্যয়নৰ বাবে নামভৰ্তি কৰিব পাৰে ।  

      হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলে নামভৰ্তি কৰিব পৰা  এবছৰীয়া পাঠ্যক্রমবোৰ হ’ল –ষ্টেনোগ্রাফা এণ্ড ছেক্রেটেৰিয়েল প্রেকটিচ(ইংৰাজী)[Stenographer & Secretarial Assistant (English)], ফেশ্বন ডিজাইন এণ্ড টেকনলজী (Fashion Design & Technology), ডেক্সটপ পাব্লিচিং  (ডি টি পি) অপাৰেটৰ [Desk Top Publishing (DTP) Operator], মাল্টি মিডিয়া এনিমেচন এণ্ড এছপিচিয়েল এফেক্ট  (Multi Media Animation and Special Effects),  ডিজিটেল ফটোগ্ৰাফাৰ,  (Digital Photographer), অ'ট্র ব'ডি পেণ্টিং মেকানিক (Mechanic Auto Body Painting), ছেক্রেটেৰিয়েল প্রেকটিচ (ইংৰাজী) [Secretarial Practice (English)], ক'চমেট'ল'জী (Cosmetology),   ফ্রণ্ট   অফিচ এচিছটেণ্ট Front Office Assistant, ফায়াৰ  টেকনলজী এণ্ড  ইণ্ডাষ্টিয়েল   ছেফ্টি মেনেজমেণ্ট (Fire Technology & Industrial Safety Management),কম্পিউটাৰ অপাৰেটৰ এণ্ড প্রগ্রেমিং এছিছটেণ্ট (Computer Operator & Programming Assistant)।

          হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিজ্ঞান আৰু গণিত বিষয়সহ  উত্তীৰ্ণ হোৱা সকলে নামভৰ্তি কৰিব পৰা  দুবছৰীয়া পাঠ্যক্রমবোৰ হ’ল : ইলেকট্রিচিয়ান ( Electrician), মটৰ ভেৰিকল মেকানিক,  (Mechanic Motor Vehicle), ড্রাফটমেন মেকানিক( Draughtsman Mechanical), ফিটাৰ( Fitter), মেচিনিষ্ট  ( Machinist), টাৰ্ণাৰ ( Turner), ড্রাফটমেন চিভিল (Draughtsman Civil), চাৰ্ভেয় (Surveyor), চিভিল ইঞ্জিনিয়াৰিং এচিছটেণ্ট (Civil Engineering Assistant), ইলেকট্রনিকচ মেকানিক ( Electronics Mechanic),  ইনষ্টুমেণ্ট মেকানিক (Instrument Mechanic), ৰিফ্রিজেৰেচন এণ্ড এয়াৰ কণ্ডিচনাৰ মেকানিক (Refrigeration & Air Conditioner Technician), ইনফৰ্মেচন এণ্ড কমিউনিকেচন টেকনলজী মেইটেনেচ (Information & Communication Technology System Maintenance),  মেনটেনেছ মেকানিক কেমিকেল প্লান্ট (Maintenance Mechanic Chemical Plant) , এগ্রিকালচাৰেল মেচিনাৰি মেকানিক (Mechanic Agricultural Machinery )।

        হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিজ্ঞান আৰু গণিত বিষয়সহ   উত্তীৰ্ণ হোৱা সকলে নামভৰ্তি কৰিব পৰা এবছৰীয়া পাঠ্যক্রম : ডিজেল ইঞ্জিন মেকানিক(Mechanic Diesel), পাম্প অপাৰেটৰ কাম মেকানিক(Pump Operator cum Mechanic), প্লাষ্টিক প্রচেছিং অপাৰেটৰ (Plastic Processing Operator), ট্রেক্টৰ মেকানিক (Mechanic Tractor), চয়ল টেছটিং এণ্ড ক্র’প টেকনিচিয়ান (Soil Testing and Crop Technician), অ'ট্র ব'ডি ৰিপেয়াৰ মেকানিক( Mechanic Auto Body Repair), সৌলাৰ টেকনিচিয়ান (ইলেকট্রিকেল)[Solar Technician (Electrical)]।

       ছয়মহীয়া (এটা  চিমেষ্টাৰ)  বড়ো ট্রাইপৰাইটিং  পাঠ্যক্রমৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে ।

      অসমত থকা ঔদ্যোগিক প্রশিক্ষণ কেন্দ্র বা আই.টি.আই. কেইখনৰ নাম হ’ল : ১।আই.টি.আই. কৰিমগঞ্জ,২। আই.টি.আই.কোকৰাঝাৰ , ৩। আই.টি.আই.গড়গাঁও, ৪। আই.টি.আই. গোৱালপাৰা, ৫।আই.টি.আই. গুৱাহাটী, ৬। আই.টি.আই. ডিব্রুগড়,৭। আই.টি.আই. তেজপুৰ, ৮। আই.টি.আই. তিনিচুকীয়া, ৯। আই.টি.আই.দক্ষিণ শালমাৰা, ১০। আই.টি.আই.নগাঁও, ১১।আই.টি.আই. বঙাইগাঁও, ১২। আই.টি.আই. বৰপেটা, ১৩। আই.টি.আই. যোৰহাট ,১৪। আই.টি.আই. শিলচৰ, ১৫। আই.টি.আই. ধনশিৰি, ১৬। আই.টি.আই.ধেমাজি, ১৭।আই.টি.আই.নলবাৰী, ১৮। আই.টি.আই.ভেৰগাঁও, ১৯ । আই.টি.আই. মৰিগাঁও, ২০।আই.টি.আই.হাইলাকান্দি, ২১। আই.টি.আই.মাজুলী, ২২।আই.টি.আই.ডিফু, ২৩। আই.টি.আই.হাফলং ,২৪। আই.টি.আই.   বিশ্বনাথ চাৰিআলি,

২৫। আই.টি.আই.   বকো,২৬। আই.টি.আই.   দুধনৈ,২৭। আই.টি.আই.   গোলাঘাট,২৮। আই.টি.আই. কাজলগাঁও,২৯। আই.টি.আই. পাঠশালা,৩০। আই.টি.আই. ৰঙিয়া,৩১। আই.টি.আই. তিতাবৰ,৩২। আই টি আই বল্লামগুৰি,৩৩। আই টি আই  পাৰ্বতিজৰা,৩৪।   আই টি আই   শুকলাই ,৩৫। আই টি আই বোকাজান,৩৬। আই.টি.আই. ডিব্রুগড় (দিব্যাং) ।

      মহিলাৰ বাবে সংৰক্ষিত আই.টি.আই. কেইখন হ’ল: ১। আই.টি.আই.শিলচৰ ,

২। আই.টি.আই. গুৱাহাটী,৩। আই.টি.আই.তিনিচুকীয়া, ৪। আই.টি.আই.মাজবাট, ৫।আই.টি.আই. উত্তৰ লখিমপুৰ,৬ । আই.টি.আই. নলবাৰী ।

      National Council for Vocational Training (NCVT)ৰ অধীনৰ পাঠ্যক্রমত উত্তীৰ্ণ প্ৰাৰ্থীসকলক এনচিভিটি(NCVT) প্ৰমাণপত্ৰ প্রদান কৰে আৰু State Council for Vocational Training (SCVT)ৰ অধীনৰ পাঠ্যক্রমত উত্তীৰ্ণ প্ৰাৰ্থীসকলক এছচিভিটি(SCVT) প্ৰমাণপত্ৰ প্রদান কৰে । ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানৰ পৰা প্রশিক্ষণ গ্রহণ কৰিলে সেই প্রতিষ্ঠানখন National Council for Vocational Training (NCVT) বা State Council for Vocational Training (SCVT)ৰ স্বীকৃতিপ্রাপ্তিৰ মর্যাদাৰ সবিশেষ জানি ল’লে ভাল হয় । অধ্যয়ন কৰা ট্রেডৰ ওপৰত ভিত্তি কৰি চৰকাৰী আৰু বেচৰকাৰী খণ্ডত নিযুক্তি লাভ কৰিব পাৰে ।  ইয়াৰ উপৰিও স্ব-নিয়োজনৰ ব্যৱস্থা কৰিব পাৰে।

 

পলিটেকনিক  :

 

পলিটেকনিকবোৰত তিনি বছৰীয়া ডিপ্লমা পাঠ্যক্রম প্রদান কৰা হয়। পলিটেকনিক এডমিচন টেষ্ট [Polytechnic Admission Test (PAT)] প্রৱেশ পৰীক্ষাৰ জৰিয়তে এই পাঠ্যক্রমত নামভৰ্তিৰ সুবিধা আছে । এই পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে সাধাৰণ শ্রেণীৰ প্রাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত আৰু বিজ্ঞান বিষয়ত নূন্যতম ৪০ শতাংশ , অনুসূচিত জাতিৰ প্রাৰ্থীয়ে ৩৫ শতাংশ আৰু জনজাতিৰ প্রাৰ্থীয়ে ৩৩ শতাংশ নম্বৰসহ উত্তীৰ্ণ হ'ব লাগিব আৰু পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ৩১ ডিচেম্বৰত  সাধাৰণ শ্রেণীৰ প্রাৰ্থীৰ বয়স ২০ বছৰ ৬মাহৰ ভিতৰত হ’ব লাগে আৰু অনুসূচিত জাতি আৰু জনজাতিৰ প্রাৰ্থীৰ বয়স ২৩ বছৰ ৬মাহৰ ভিতৰত হ’ব লাগে। এই প্রৱেশ পৰীক্ষা অনলাইন পদ্ধতিত আৱেদন কৰিব লাগে । ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল - https://dte.assam.gov.in  । এই পৰীক্ষাৰ  প্রশ্নসমূহ বস্তুনিষ্ঠ  ধৰণৰ লগতে গণিত আৰু বিজ্ঞান বিষয়ত মুঠ ১০০ নম্বৰৰ প্রশ্ন সন্নিবিষ্ট কৰা হয়।

        অসমত থকা পলিটেকনিক কেইখন হ’ল : ১।অসম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট ,গুৱাহাটী ২।গাৰ্লছ পলিটেকনিক , গুৱাহাটী ৩।বঙাইগাঁও পলিটেকনিক ,৪।শিলচৰ পলিটেকনিক ,৫। নগাঁও পলিটেকনিক ,৬। প্রিন্স অব্ ৱেলছ ইনষ্টিটিউট অব্ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি , যোৰহাট ৭। ডিব্রুগড় পলিটেকনিক ৮। গাৰ্লছ পলিটেকনিক , গোলাঘাট ৯।অসম টেক্সটাইল ইনষ্টিটিউট , গুৱাহাটী ১০। ডিফু পলিটেকনিক , ডিফু ।

       নতুনকৈ আৰম্ভ হোৱা পলিটেকনিক কেইখন হ'ল -১। বাক্সা পলিটেকনিক,২।বৰপেটা পলিটেকনিক,৩। ধেমাজি পলিটেকনিক,৪। কৰিমগঞ্জ পলিটেকনিক,৫। লখিমপুৰ পলিটেকনিক,৬। গোলাঘাট পলিটেকনিক,৭। গোৱালপাৰা পলিটেকনিক,৮। নলবাৰী পলিটেকনিক, ৯। কামৰূপ পলিটেকনিক,১০। শিৱসাগৰ পলিটেকনিক,১১। শোণিতপুৰ পলিটেকনিক, ১২ । তিনিচুকীয়া পলিটেকনিক ,   ১৩।  মৰিগাঁও  পলিটেকনিক ১৪। ওদালগুৰি  পলিটেকনিক ১৫। হাইলাকান্দি পলিটেকনিক আৰু ১৬। চিৰাং  পলিটেকনিক ।

      পলিটেকনিকবোৰত পঢ়াৰ সুবিধা থকা বিভিন্ন বিভাগবোৰ হ’ল : এগ্রিকালচাৰ , চিভিল, মেকানিকেল, কেমিকেল, ইলেকট্রিকেল , ইলেকট্রনিকছ এণ্ড টেলিকমিউনিকেচনছ, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, ইনষ্টুমেনটেছন, টেক্সটাইল টেকন’লজি, ফেছন টেকন’লজি, গাৰমেণ্ট টেকন’লজি, এগ্রিকালছাৰ , আৰ্কিটেক্ট এছিষ্টণ্ট,প্ৰিন্টিং   টেকন’লজি,বায়'মেডিকেল ইঞ্জিনিয়াৰিং, মাইনিং ইঞ্জিনিয়াৰিং , মেডিকেল ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং ,ফুড প্ৰচেচিং টেকন’লজি   আদি ।


লেখকৰ ঠিকনা-

কেৰিয়াৰ পৰামৰ্শদাতা   তথা

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com