পুৰুষ নাৰীৰ সাহস আৰু
নাৰী পুৰুষৰ এক বিশেষ শক্তি ।
পুৰুষৰ অৰ্ধ আকাশ
পূৰ্ণতা প্ৰদান কৰে
পূৰ্ণপ্ৰকাশ নাৰীয়েই
সহধৰ্মিনী ৰূপে বসবাস কৰি...
নাৰীয়ে পুৰুষক সঙ্গ দিয়ে
অকল পূৰ্ণতা প্ৰাপ্তিৰ বাবেই নহয়
বংশ ৰক্ষা কৰি সাব্যস্ত কৰে
পুৰুষৰ পিতৃত্বৰ অধিকাৰ
গুৰু দায়িত্ব বহন কৰি মাতৃত্বৰ
নাৰীয়েই জন্ম দিয়ে দুই প্ৰকৃতি পুৰুষ-নাৰী
পুত্ৰ-কন্যাৰূপে... সৃষ্টিৰেই নিয়ম
সেয়ে নাৰীৰ হৃদয়ো পুৰুষতকৈ পৃথক
পিতৃয়ে পাতনিহে মেলে
মাতৃগৰ্ভতহে স্থান লয় সন্তানে
মাতৃ অবিহনে স্থানহীন সন্তান
মাতৃৰো অপত্য স্নেহৰ অধিকাৰী স্থান সন্তানেই
পৰ্যায়ক্ৰমে পাই পুত্ৰ সন্তানে পিতৃত্বৰ পৰিচয়
কন্যা সকল হয় কোমল,সহজ-সৰল মনৰ
মানসিক শক্তিৰে বলীয়ান ধৈৰ্যশীলা, সহিষ্ণু
গুণেৰে ভৰপূৰ মাতৃ হৃদয়ৰ অধিকাৰী নাৰী
যিয়ে মাতৃদুগ্ধ পাণ কৰাই নিষ্পাপ শিশুক
কৰি তোলে নিজৰ বুকুৰ উমেৰে উমাল...
সকলো আমি আইৰেই সন্তান
আইমাতৃ অবিহনে কোনো পিতৃৰেই
সন্তান প্ৰাপ্তিও নহয় সম্ভৱ ।
একাংশ পুৰুষৰ দৃষ্টিভংগীয়ে
নাৰীৰ সৰলতাক দুৰ্বলতাৰ
চিন স্বৰূপে লৈ নাৰীৰ মহত্ব মোহাৰি-মুচৰি
কাল অমানিশাৰ অন্ধকাৰ নমাই আনিছে ।
স্বয়ং ৰামচন্দ্ৰই মিছাতেই সন্দেহ কৰি
সীতাক পাতালে পঠায়
সেয়ে কাতৰে জনাওঁ...
নকৰি লাঞ্চিতা-অৱহেলিতা
নকৰি ঠগ-প্ৰৱঞ্চনা
নাৰীক নাৰী মৰ্যাদা প্ৰদান কৰি
পত্নীক পত্নী মৰ্যাদাৰে কৰি সালঙ্কৃতা
কৰক সুৰক্ষিত, নিজেও নিষ্পাপ-নিষ্কলুষ হৈ
সুস্থ সবল সমাজ গঢ়াৰ মানসেৰে
নাৰীৰ ওপৰত ধৰ্ষণ-নিৰ্যাতন পৰিহাৰ কৰি
একান্ত শুদ্ধচিত্তে সবেও মাতৃসকলক
জনাওঁ প্ৰণিপাত...জনাওঁ সহস্ৰ প্ৰণাম
জনাওঁ সহস্ৰ প্ৰণাম ..