জোনালী গগৈ
কোনোবা অবুজ ক্ষনত
শিলৰ বাগিচাডৰাই
বৈ আহিল-----
জীৱ শ্ৰেষ্ঠৰ আদিম বাসনা
আৰু --বিজ্ঞাপনৰ দেহ হ'ল বিবস্ত্ৰা।
সেয়ে বুকু জ্বলিছে --
পাহাৰ -ভৈয়ামৰ সপোন বোৰত,
জুইয়ে পোৰা ৰ'দৰ পোহৰত,
বলাৎকাৰিৰ দেও লগা বাসনাত।
লজ্জানত বতাহত
থৰ লগা দুচকুৰে বৈ আহে
ক্ষোভৰ অগ্নি শিখা,
বলাৎকাৰৰ প্ৰতিচ্ছবি দেখি
শিয়ৰি উঠে প্ৰতি পল
ভয়বিহ্বল প্ৰতিটো নিশা।
স্তব্ধ হ'ল বুকুৰ স্পন্দন
যেতিয়া দেখিলোঁ ---
মানৱতাবিহীন -
উলঙ্গ দেশৰ উলঙ্গ সময়ত
বিবস্ত্ৰা নাৰীৰ মৌন ক্ৰন্দন।
লেখিকাৰ ঠিকনা-
শিৱসাগৰ।