Type Here to Get Search Results !

বৰ্ষাৰ আগমণ

 প্ৰগতি গগৈ চাংমাই


বৰ্ষাৰ আগমণৰ লগে লগে
শুষ্ক ধৰণী সতেজ হ'ল,
চিৰাল ফাট দিয়া মাটিবোৰ
খেতিৰ উপযুক্ত হ'ল। 
নাঙলৰ কৰ্ষণত উৰ্বৰা ধৰিত্ৰী
কৃষকৰ ব্যস্ততা বাঢ়ে,
সপোন এটা বুকুত গোপনে
হালে-জালে।
বিৰিখে বিৰিখে সেউজীয়াৰ পয়োভৰ
এজাৰ, সোণাৰু, কৃষ্ণচূড়াৰ 
মনোমোহা কৰণি
কৰিলে ধুনীয়া ধৰণী। 
 আম, কঁঠালৰ সোৱাদ লৈ
 শাওণৰ বোকাভৰা পথাৰত
 শইচ সিঁচি পথাৰ শুৱনি কৰাৰ কছৰৎ
 এসাঁজ জুতিলগাই খাবলৈ বছৰটোলৈ।
 ধূলিময় পৰিৱেশক আওকাণ কৰি
 উৎকট গৰমৰপৰা পৰিত্ৰাণ দি
 বৰ্ষাই দিলে শৰীৰ শীতল কৰি,
 সুখৰ এভুমুকি ছাঁয়া।