প্ৰগতি গগৈ চাংমাই
" ৰুণুমী, এইফালে আহাচোন। ক'ত আছানো?"
"কি হ'লনো? কিয় ইমানকৈ চিঞৰিছে? "
প্ৰশান্তৰ চিঞৰত ৰুণুমী ভিতৰৰ পৰা ওলাই আহিল।
"মিঠাই খোৱা, মিঠাই খোৱা।"
"আৰে হ'ল কি? মিঠাই খুৱাইছা যে?"
তাইৰ কথাৰ কোনো উত্তৰ নিদি সি পুনৰ সুধিলে
"দেউতা ক'ত? দেউতা...." সি চিঞৰি চিঞৰি ভিতৰ সোমাল।
"এই মানুহটোৰ আজি হ'ল কি? সুধিলে উত্তৰো নিদিয়ে।'' -- ৰুণুমীয়ে ভাবিলে।
''কি হ'ল ঔ বোপা? মই এই বাৰীৰ ভিতৰত আছোঁ"
দেউতাকে চিঞৰিলে।
দেউতাকৰ মুখতো মিঠাই এটা সুমুৱাই দি প্ৰশান্তই ক'লে "আপোনালোকেও চিঞৰক বুজিছে।"
"দেউতাক মিঠাই খুৱাইছা? ছুগাৰ থকা মানুহটোক মিঠাই খুৱাই মাৰিব খুজিছা?"
"এদিন খালে একো নহয় দিয়া। মোৰ চাকৰি হ'ল"
--সি ক'বলৈহে পালে। ৰুণুমীয়ে লাজুকীলতা হৈ তাৰ বুকুতে সোমালগৈ। দেউতাকেও। সিহঁতৰ আনন্দত ভাগ ললে। হিয়া উজাৰি আশীৰ্বাদ দিলে সিহঁতক সুখী হ'বলৈ। তিনিওটি প্ৰাণীৰ জীৱনত সুখৰ লহমাই প্ৰাণ পাই উঠিল।
"কেতিয়ালৈ জইন কৰিব লাগিব।"
"অহা মাহৰ প্ৰথম ভাগতে দেউতা।"
"যাবি বোপাই। অতদিনৰ কষ্ট অথলে যাবলৈ নিদিবি। মই থকালৈকে এইৰ কথা চিন্তা নকৰিবি। "
"হ'ব দেউতা। এতিয়া বজাৰ-সমাৰ অলপ কৰিব লাগিব। যি এটা পাৰোঁ, লাগতিয়াল বস্তুবোৰ কাইলৈ আমি দুয়ো গৈ বজাৰ কৰি আহিম।"
"যাবি বোপাই।"
সন্ধিয়া ঘৰৰে হাঁহ এটা মাৰি দদায়েক, খুৰীয়েক ঘৰৰ আন সকলো লগলাগি পাৰ্টি খাই আনন্দ কৰিলে। সকলোৱে লাগি-ভাগি কামবোৰ কৰিলে।
পিছদিনাখন গৈ ৰুণুমী আৰু প্ৰশান্তই বজাৰ কৰি আহিলে। ঘৰত খাবলৈ মাংসও অলপ ল'লে।
"ৰুণুমী, এটা কথা ভাবিছোঁ। মাহঁতক খবৰটো দিওঁ।"
"ওম ,দিবা আকৌ! কিয় নিদিবা? ইমান এটা ভাল খবৰ মাহঁতক নিদিয়াকৈ থাকিব পাৰিনে?"
প্ৰশান্তই গৈ মাকক জনাই আহিল চাকৰিৰ খবৰ। কিন্তু তাৰ এটাই বেয়া লাগিল.. মাকে ৰুণুমীৰ কথা তাক এবাৰো নুসুধিলে। তথাপি সি মাকক সেৱা জনাই গুচি আহিল। দেউতাক সেই সময়ত ঘৰত নাছিল। দেউতাক থকাহ'লে হয়তো.....। সি ভাবিছিল হয়তো মাকে ইমানদিনে সিহঁতক ক্ষমা কৰি দিছে। কিন্তু…
এদিন দুদিন কৰি প্ৰশান্ত যোৱাৰ সময় হ'লহি। সি দুখমনেৰে ৰুণুমী আৰু দেউতাকৰপৰা বিদায় ল'লে। প্ৰশান্তৰ দেউতাকো আহিছিল তাক বিদায় দিবলৈ। এফালে চাকৰিৰ আনন্দ, আনফালে তাৰ ৰুণুমীক এৰি যোৱাৰ দুখ। তথাপি যাবই লাগিব।
প্ৰশান্ত গ'লগৈ। মিলিটাৰীৰ চাকৰিত যোগদান কৰি সি সুখী। সৰুৰেপৰাই তাৰ এটাই ইচ্ছা আছিল। মিলিটাৰীৰ চাকৰিত সোমোৱা। এতিয়া তাৰ সেই ইচ্ছা পূৰণ হ'ল।