সঞ্জীৱ বাইলুং
চোলা এটা সীবলৈ
বেজী এটা লাগিছিল ।
ফটা চোলাটো
টাপলি মাৰোঁতে মাৰোঁতে
টাপলি মাৰিবলৈ
ঠাইয়ে নোহোৱা হ'ল
দিন মাহ বছৰবোৰ
তেনেকৈয়ে গ'ল ।
মনোমতীৰ সমান
বুদ্ধিমানো নহ'লোঁ -
শিলৰ চোলা পানী বেজীৰেহে
সীব পাৰি বুলি ক'ব পৰা হ'লেও
কিমান যে কি কৰিব
পাৰিলোঁ হেঁতেন ....
কন্টকৰামো হ'ব নোৱাৰিলোঁ
কেকোঁ জেকোকৈ নাচপতি কঢ়িয়াবলে
জোঙা জোঙা কেইটামান
চোলাতে সী ল'বলে ....
সিমানখিনি বুদ্ধি থকা হ'লে
ৰজাওতো হ'ব পাৰিলোঁ হয়
আকালৰ সময়ত
কাৰোবাক এমুঠি দিবলে ...
কি যে দিন কাল আহিল
শান্তিৰ সলনি অশান্তিহে বাঢ়িল ।
চাৰিওফালে আৰ্তনাদ
অনীতি দুৰ্নীতিৰে
পৃথিৱী উপচি পৰিল ।