Type Here to Get Search Results !

এতিয়া নৈবোৰ গাভৰু হৈছে


 সবিতা বৰুৱা

লুইতৰ  চাপৰিত এতিয়া
 যৌৱন   উঠিছে  ,
বুকুত  কুসুম,কলিজাত ঢৌ
কোনে ৰাজ আলিয়েদি
চিঞৰি গায়... .
বাৰিষা ৰাতিৰ গান  ... ?

তেজীমলাৰ  গীতত
সাউদৰ  দিঙৰা ভটিয়াই  !
নৈ পৰীয়া, এজাৰবুলীয়া
সোণাৰুৰ  হালধীয়া
বতাহ জাকে কাণে কাণে
   কৈ যায়  . . . .
এতিয়া নৈবোৰ গাভৰু হৈছে ।