Type Here to Get Search Results !

এতিয়া আৰু ৰাতি নুপুৱায় চৰাই-চিৰিকটিৰ কলকাকলিত

 নাছিৰ আহমেদ শিমলাবাৰী গোৱালপাৰা।


এসময়ত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অসমীয়াৰ ঘৰবোৰ আছিল সুদক্ষ চিত্ৰকৰৰ হাতৰ এক মনোৰম ছবিৰ দৰে। ঘৰৰ আগচোতালৰ এচুকত আছিল বাৰে -বৰণীয়া ফুল ফুলি হালিজালি আছিল আৰু ঘৰৰ পাছফালে  বিভিন্ন গছ-গছনিৰে ভৰা এক এখন সুন্দৰ  বাৰী। আম,কঠাল,জাম, লিচু,পনিয়ল, মাটিকঠাল , লেটেকু,ৰবাব টেঙা,বগৰী,আমলখি আদি বিভিন্ন ফল-মূলৰ গছত নানা ফলমূলেৰে ঠাহ খাই আছিল। তাৰ উপৰিও নেমু টেঙা , বিভিন্ন বাঁহৰ গছ, নাৰিকল গছ, তামোল-পাণৰ গছ, বিভিন্ন কলগছ  আৰু শাক-পাচলিৰে ভৰি আছিল অসমীয়াৰ বাপতি -সাহোন এই বাৰীখন।এই বাৰীখনৰ বিভিন্ন গছ-গছনিত অসংখ্য চৰাই-চিৰিকটি বাস কৰিছিল। কিছুমান চৰায়ে গছৰ ডালত, কিছুমানে গছৰ খোৰঙত, কিছুমানে গছৰ পাতে পাতে বাঁহ সাজি মহা আনন্দৰে কালাতিপাত কৰিছিল। কিছুমান চৰাই পথাৰত, ঘৰৰ চুকত, বিল বা পুখুৰীতো বাস কৰা দেখা গৈছিল।এই অসমীয়া চৰাই-চিৰিকটিসমূহ হ'ল, ক্ৰমান্বয়ে --- মাছৰোকা , কামচৰাই,ভদৰকলী চৰাই,কুলি চৰাই, নীলমতী চৰাই,ফেঁচা, পাটমাদৈ চৰাই,ম'ৰা চৰাই, চাপলিকা চৰাই , কাউৰী,শিলকতৰা, মৌপিয়া,ধনেশ পখী,শালিকা,হাড়গিলা, বগলী,চাকৈ-চকোৱা,  কাঠৰোকা, শামুক ভঙা,কপৌ চৰাই,উট পক্ষী,কণা মুচৰি,ভাটৌ চৰাই,হাইঠা চৰাই, কেতেকী চৰাই,বিহুৱতী চৰাই, দহিকতৰা,বন কুকুৰা,টোকোৰা চৰাই,পেৰুপক্ষী,পাতসিয়া চৰাই,হাঁহ, হেটুলুকা,ৰাজহাঁহ, টুনি চৰাই,চটচটি চৰাই,পাৰ চৰাই,ঘৰ চিৰিকা,ফেঁচু চৰাই,নটটুপী,নলখাগৰি, ভাটৌ, বুলবুলি চৰাই,কুৰুৱা চৰাই ইত্যাদি 
ৰাতিপুৱা আৰু সন্ধিয়া সময়ত ঘৰৰ চাৰিওফালে এই চৰাই-চিৰিকটিৰ কলকাকলিত এসময়ত ৰজনজনাই আছিল। ৰাতিপুৱাৰ লগে লগে বাঁহৰ পৰা ওলাই শাৰী পাতি আকাশত ডেউকা কোবাই কোবাই বিভিন্ন মাতেৰে উৰি ফুৰা চৰাইবোৰ প্ৰধানকৈ বগলী, চাকৈ-চকোৱা,চিলনী, শালিকা , কপৌ , কাউৰী,ঘৰ চিৰিকা আদি চাই মন-প্ৰাণ পুলকিত হৈছিল। ঘৰ চিৰিকা চৰায়ে আগৰ দিনৰ খেৰী ঘৰৰ এচুকত বাঁহ সাজিছিল।তাৰ মাজতে ঘপহকৈ কাউৰী আৰু চিলনীয়ে মাটিলৈ নামি আহি চোতালত মেলি দিয়া শস্য বুটলি লোৱাৰ উপৰিও কুকুৰা চৰাইৰ পোৱালি আৰু গা-ধোৱা চাবোন ঠোঁটত লৈ উৰা মৰা দৃশ্য চাবলগীয়া। কপৌ চৰাই আৰু শালিকা চৰায়ে পিৰিক-পাৰাককৈ ঘূৰি ফুৰে। পাৰ চৰাই ঘৰৰ এচুকত থকা কাঠৰ বা টিঙৰ বাঁহত চুচুক-চামাককৈ ঘূৰি ফুৰা দৃশ্য চাবলগীয়া।
পুখুৰী বা বিলত পাতি হাঁহ আৰু ৰাজহাঁহে , বালিমাহী চৰায়ে সাঁতুৰি- নাদুৰি থাকে। শালি ধানৰ পথাৰৰ আলিয়েদি জলং-জপংকৈ ঘূৰি ঘূৰি হাড়গিলাই পোক-পতঙ্গ আৰু সৰু সৰু মাছ বুটলি পেটৰ ভিতৰত সোমাই লোৱা দেখি ভাল লাগিছিল। কণা মুচৰি, মাছৰোকা ,কামচৰাই, ভদৰকলী চৰাই আদিয়ো  পথাৰে পথাৰে পোক-পতঙ্গ আৰু সৰু সৰু মাছ বুটলি ফুৰে। মৌপিয়া চৰায়ে ফুলৰ মৌ-ৰস  চুহি চুহি খায়।
ভাটৌ,টিঁয়া, মইনা চৰাই সেইজ-বুলীয়া সৌন্দৰ্য্যৰ প্ৰতীক। বাঢ়ৈ টোকোৰাই আহাৰ বিচাৰি ঘূৰি ফুৰে। টোকোৰা চৰাই ওখ গছ নাৰিকল আৰু তামোল গছত অতি কাৰু-কাৰ্য ভাবে বাঁহ সাজে। 
সন্ধিয়া পৰত আকৌ বিভিন্ন চৰাই-চিৰিকটি কলকল ধ্বনি কৰি আকাশত শাৰী পাতি ডেউকা কোবাই বাহঁলৈ উভতি আহে।
ৰাতি গছৰ খোৰঙত থকা ফেঁচা বা নিয়তি চৰাইৰ কৰ্কশ মাতত ঘৰৰ পৰিয়ালে অমঙ্গলৰ আভাস পাইছিল। ৰাতিপুৱা ঢোঁৰা কাউৰীৰ কা কা মাতত দুঃসংবাদৰ লক্ষণ বুলি সকলোৱে বিশ্বাস কৰিছিল। 
গছৰ পাতে পাতে লুকাই কুলি-কেতেকীৰ মধুৰতাৰে ভৰা মূৰ্চ্ছনাই ডেকা-গাভৰুৰ হৃদয়ত তীব্ৰ যৌৱনৰ জোঁৱাৰ তুলিছিল। ম'ৰা চৰায়ে পেখম তুলি কৰা ছন্দময় নৃত্যৰ তালে তালে সকলোৰে ভৰিত নৃত্যৰ ছন্দ জাগিছিল। বুলবুলি আৰু বিহুৱতী চৰাইৰ মাতত মধুৰ ঝংকাৰ সৃষ্টি হৈছিল। আনহাতে নদীৰ পাৰে পাৰে কুৰুৱা চৰায়ে বিষাদৰ ৰাগিনী তুলিছিল। কাঠ খোটা গা-গছত খট খট শব্দ তুলি কাঠ খাইছিল।
শগুনে মৰা জীৱ-জন্তুৰ মাংস,হাড় ভক্ষণ কৰি পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ কৰিছিল।জীৱনত মাটিত নপৰা হাইঠা চৰাইক কাচিৎহে গছৰ ডালত বহি থকা দেখা গৈছিল। এইদৰে বিভিন্ন চৰাই-চিৰিকটিৰ কলকাকলিত এসময়ত  অসমীয়াৰ প্ৰতিঘৰতে সৌন্দৰ্য্যৰে ভৰপূৰ হৈ পৰিছিল। মৌপিয়া আৰু কণামুচুৰি চৰায়েও আনন্দৰ পৰিৱেশ গঢ়ি তুলিছিল। এই চৰাইবোৰৰ খাদ্যাভ্যাস, বাঁহ সজাৰ পদ্ধতি বেলেগ বেলেগ। কিছুমান চৰাই দিনত ঘূৰি ফুৰে, কিছুমান নিশাচৰ প্ৰাণী। কিছুমান চৰায়ে ফলমূল খাই জীয়াই থাকে, কিছুমান কীট-প্ৰতঙ্গ ,মাছ খাই জীয়াই থাকে। টুনি চৰাই ধাননি পথাৰত বাঁহ সাজি ধানৰ গুটি খাই জীয়াই থাকে। কণা মুচৰি চৰায়ো শস্যৰ গুটি খাই জীয়াই থাকে।
ফেঁচা চৰাই যেনেকৈ অমঙ্গলৰ চিন আকৌ বুধিয়ক চৰাই বুলি কোৱা হয়। কাউৰী চৰাইক ধূৰ্ত চৰাই হয়। এই ৰঙ-বিৰঙৰ সৌন্দৰ্য্যৰে ভৰপূৰ চৰাই-চিৰিকটিসমূহ 
যান্ত্ৰিকতাৰ ধামখুমীয়াত লুপ্ত হোৱাৰ পথত। যাৰ ফলত আমাৰ প্ৰতিঘৰ অসমীয়াৰ প্ৰাকৃতিক পৰিৱেশৰ সুন্দৰ ছবি যেন ধূসৰ হৈ পৰি গাঁও আৰু চহৰৰ মাজত পাৰ্থক্য নোহোৱা হৈ পৰিছে। আমি মনত ৰখা উচিত যে, 
বৃহৎ বৃহৎ অট্টালিকাসমূহে ঘৰত সেউজ -শান্তি দান কৰিব নোৱাৰে।
আহক আমি সকলোৱে আকৌ সেই চিৰ সেউজ চৰাই-চিৰিকটিৰ কলকাকলিৰে ভৰা প্ৰকৃতিৰ জগতলৈ ঘূৰি যাওঁ(Return to the Nature)।
তেতিয়াহে অনাবিল সুখ-আনন্দৰ সঁফুৰা উপভোগ কৰি আমাৰ জীৱন ধন্য হ'ব।