বৰ্ণালী চৌধুৰী
হিয়াত সপোন জাগিব
বাজিব মুৰুলী
প্ৰেমৰ ছন্দ তুলি
বতাহৰ বিষাদবোৰ
বিলুপ্ত হ'ব এদিন..!
কিছু মলিন স্মৃতি বিস্মিতি হৈ
জীৱনত ৰং চতিয়াব,
দুই নাঁওত থকা
দুভৰিয়ে মোৰ
হয়তো কিছু সকাহ পাব !
তাচ্চিল্য আৰু নকৰিব
কোনেও কাকো
চিন্তা-দুচিন্তাৰ সিটো পাৰে
এখনি আশাৰ জগত গঢ় ল'ব !
হাঁহিয়ে যে তাত
কান্দোনৰ মোল বুজি পাব,
অপমানবোৰ গছকি
সন্মানে গাব
মান-অভিমানৰ গান,
য'ত অভিমানৰ মুখনিত
মৰমে হাত বুলাব,
য'ত সৰলতাক
কুটিলতাই
এন্ধাৰ কোঠালিত নথব,
হেঁপাহ হ'ব
মাথো আদৰৰ ।
য'ত কৰ্মৰ শিকলি থাকিব
কিন্তু বিনিময় নহয় তাত আপোনৰ,
হতাশাৰ হেঁচাত আৰু
নাভাঙিব তাত
হৃদয়ৰ অনুভূতি বোৰ,
কৰ্তব্যৰ তুলাচনিৰে
তাত যে আৰু
নিলাম নহ'ব মৰমৰ,
এনে এটি সময়
যত প্ৰতিক্ষণ হ'ব আগ্ৰহ ময়,
প্ৰতিদিনৰ তিক্ততাৰ
যেন হ'ব অৱসান
সেয়েহে শেষ বাৰৰ বাবে
এটি শেষ প্ৰয়াস কৰি চাম ।