মনস্বিনী শৰ্মা
একেথিৰে আকাশখনলৈ চাই আছিলো
নীলাবোৰক ক'লা মেঘে হেঁচুকি ধৰিলে।
বোৱতী নদীখনলৈ চাই আছিলো
অস্ত যোৱা বেলিটো ডুবিব ধৰিলে।
তোমালৈ মই চাই আছিলো
মোৰ পৰা তুমি আঁতৰ হওঁতে।
অৱশ্যে সেইখিনিত
অস্তগামী বেলিয়ে দিয়াৰ দৰে
বিদায়ৰ ৰং হেঙুলীয়া নাছিল,
নাছিল নতুন প্ৰভাত অহাৰ প্ৰতিশ্ৰুতি।
সেই সময়ত তুমি
বেলিৰ দৰেই অহংকাৰত জিলিকিছিলা
আৰু মই জ্বলিছিলো ক্ষোভত।
দেই-পুৰি ছাই হৈ মৰিছিল
কুশলে থকা কলিজাখন।
তুমি ভবাৰ দৰে
অস্ত যোৱা বেলিৰ দৰে
বিদায়ৰ ৰং সকলোৰে বাবে
হেঙুলীয়া নহয়।
লেখিকাৰ ঠিকনা-
স্নাতকোত্তৰ তৃতীয় ষাণ্মাসিক।
অৰ্থনীতি বিভাগ। ডিব্ৰুগড় বিশ্ববিদ্যালয়।
ফ'নঃ ৭৬৩৭৯৪৫০৭৩