গীতাঞ্জলি দেৱী
ঘামে পিছল কৰা বুকুত বাঢ়িছে
এখন লহপহীয়া পথাৰ ,
সেয়ে,নাঙলৰ সীৰলুত প্ৰাণ পায় তোৰ অকুণ্ঠ আকুতি ।
ঠেও ধৰি নচা মনৰ আবেগে তৰাদৈকো কঁপায় ,
বানে গা নুধুৱালে
তই ৰাইজখন চপাবি
জানে তাই ।
তাইৰ হেঁপাহ ঠুৰীয়া তামোলখন হাতৰ টিপতে যঁচা ,
যদিও কঠিন
আবেগৰ জাঁজৰি টানি সপোন ৰঁচা ।