অৰুণা চেতিয়া খাটনিয়াৰ
নিজকে তেনেই সাধাৰণ সচেতন মানুহ হিচাপে ভাবি ভাল পাওঁ। জাতিৰ সম্পদ, দেশৰ সম্পদ বিলাকক লৈ গৌৰৱ কৰোঁ,অন্তৰত সুখ পাওঁ। সেয়ে শিক্ষকতাৰ সময়ছোৱাত বিভিন্ন দিশত ছাত্ৰ -ছাত্ৰীয়ে নিজৰ ভাল লগা বাটেৰে আগবাঢ়ি যোৱা দেখিলে ভাল লাগে।
এটা সময় আছিল দেশ- বিদেশত খেলা-ধূলা, শিক্ষা- দীক্ষা , সাংস্কৃতিক আদি দিশত ভাগ ল'বলৈ যাবলৈ বা উচ্চ অভিলাষী মন গঢ়িবলৈ সাধাৰণ শ্ৰেণীৰ মানুহে সাহস নকৰিছিল । সময় বাগৰাৰ লগে লগে এতিয়া অধ্যৱসায়ৰ যোগেদি কৰিব পৰাকৈ নিজৰ মন কেনেকৈ বান্ধিব লাগে সকলো পৰ্যায়ৰ ল'ৰা- ছোৱালীয়ে অন্ততঃ শিকিছে। আজি কালি সেয়ে বিভিন্ন দিশত তেওঁলোকে কৰা অনুশীলন বিলাক চাই ভাল লাগে। বহু ভিতৰুৱা পৰিবেশৰ ল'ৰা- ছোৱালীয়েও আগবাঢ়ি যাব পৰাতো শুভ লক্ষণ বুলি অনুভৱ কৰিছোঁ।
আমাৰ বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী সকলো বিভিন্ন দিশত আগবাঢ়ি গৈছে। বহুতে উচ্চ শিক্ষাৰে শিক্ষিত হৈ বিভিন্ন চৰকাৰী বিভাগত চাকৰি কৰিছে, কোনোৱে শিল্প সাধনা কৰিছে (যদিও প্ৰতিস্থিত হ'ব পৰা নাই) ।দেখি ভাল লাগিছে। তেওঁলোকক আৰু আগবাঢ়ি যাবলৈ উৎসাহ যোগাব লাগে।
সপোন অভিলাষী শিক্ষক হিচাপে উঠি অহা ছাত্ৰ- ছাত্ৰী সকলক লৈ সুন্দৰ অসম এখনৰ সপোন দেখোঁ আৰু এই সপোন বোৰ বাস্তৱত পৰিণত কৰিবলৈ প্ৰাক্তন ৰাষ্ট্ৰপতি, বিজ্ঞানী প্ৰয়াত এ ,পি,জে আব্দুল কালাম মহাশয়ৰ আদৰ্শৰে ইচ্ছা কৰিলে আগবাঢ়ি যে যাব পাৰে কোৱা হয়।আচলতে কামৰ কোনো সৰু,বৰ প্ৰভেদ নাৰাখি ভাল লগা কামত মন দি একাগ্ৰতাৰে আগবাঢ়ি গ'লে যে কৰিব পাৰে ,এই সাহস পৰিয়াল, অভিভাৱক এইসকলৰ পৰাও পাব লাগে।
কষ্ট কৰি পোৱা ফলটো যে অতি মিঠা বিভিন্ন উদাহৰণেৰ সৈতে মনোবল যোগোৱাতো অভিভাৱক সকলৰ পৰাও আশাকৰোঁ।
আমি শিক্ষক সকল যে ছাত্ৰ ছাত্ৰীৰ কিমান মৰম আকলুৱা সেই কথা নিশ্চয় শিক্ষক সকলে আন্তৰিকতাৰে উপলদ্ধি কৰে।
এই অপূৰ্ব সুন্দৰ জগতখন তেওঁলোকে উপভোগ কৰাৰ লগতে নিজকে বিচলিত নকৰাকৈ আগবাঢ়ি যোৱাতো মনে প্ৰাণে আশা কৰোঁ। জীৱনৰ আশা আৰু আনন্দ, ৰং আৰু সুৰভীৰ বীজ ভবিষ্যতৰ কাৰণে সঞ্চিত কৰা দেখিলে সকলোৱেই অতিশয় আনন্দিত হয়। শৈশৱ, কৈশোৰৰ কল্পনা প্ৰয়াসী মনটোৱে পৃথিৱীৰ সকলো আনন্দ, ঐশ্বৰ্য আৰু সৌন্দৰ্যক প্ৰাণ ভৰি উপভোগ কৰিব পৰাৰ কাৰণে ইংৰাজ কবি কীট্ ছে এই সময়ছোৱাকে জীৱনৰ বসন্ত কাল বুলি কৈছে।
কিন্তু অতি দুখ আৰু পৰিতাপৰ কথা হ'বলৈ যোৱা সামাজিক ধূসৰ ছবি বোৰত যেন নতুন দিনৰ বাটকটীয়া সকল কিছু কিছু ক্ষেত্ৰত বিভ্ৰান্তিৰ সন্মুখীন হৈছে, তেওঁলোকৰ যেন বাটৰ সন্ধান হেৰাই ছে। তেওঁলোকক এই বাটৰ সন্ধান দিব লাগিব মানুহক ভালপোৱা, সমাজৰ শুভ চিন্তা কৰা,সমাজ হিতৈষী, শুভাকাংক্ষী তথা সকলো সচেতন ব্যক্তি বিশেষে।
সকলো আমাৰেই সন্তান। সিহঁতে বুজি নাপাওঁতে যদিহে কিবা ভুল কৰিছে তেতিয়া আন্তৰিকতাৰে অভিভাৱক,শিক্ষক, সমাজৰ সকলোৰে সহযোগত শুধৰণি হোৱাতো বাঞ্চনীয়। নাজানি কৰা ভুল স্বীকাৰ কৰিলে ভাল। শুদ্ধ হয়। কিয়নো আমি বিচাৰোঁ যে তেওঁলোক প্ৰথম একো একোজন ভাল,বিবেকবান, সংস্কৃতিবান মানুহ হওক।
একে ভুলৰ পুনৰাবৃত্তি হ'লে হিতেই বিপৰীত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠে।
শিক্ষক হিচাপে বিভিন্ন সময়ত তেওঁলোকৰ আসোঁৱাহ দূৰ কৰাৰ কথাবোৰ এতিয়া মনলৈ আহে।
এদিনৰ কথা - ভালে আছে নে বাইদেউ?
বাটতে পিছ ফালৰ পৰা কোনে মাত লগালে, ঘূৰি চাই দেখিলোঁ ,এসময়ৰ ছাত্ৰী বিনিতাই মহাবিদ্যালয়ৰ পৰা ওলাই আহিছে ক্লাছ কৰি। উত্তৰ বিনিময় কৰিলোঁ।খবৰ -খাতি কৰি তেওঁ স্কুৰ্টি খন চলাই পুনৰ গুচি গ'ল মহাবিদ্যালয়ৰ পৰা প্ৰায় দুই কিলোমিটাৰ মান নিলগৰ ঘৰলৈ। ভাল লাগিল দেখি।
বিনিতাক দেখা পাই মনটো উৰি গৈছিল মৌচুমীৰ সৈতে হোৱা ঘটনা এটা লৈ।
"মই আচলতে তেনেকৈ ভাবি কোৱা নাছিলো বাইদেউ। মোৰ সেই কথাই বিনিতাক ইমান দুখ দিব পাৰে বুলি মই এবাৰো নভবাকৈয়ে কৈ দিলোঁ।" কান্দি কান্দি লেবেজান হোৱা বিনিতালৈ চাই মৌচুমীয়ে মোৰ আগত নিজৰ চাফাই দিলে- ।
কি কথানো ক'লা তুমি মৌচুমী, বিনিতাই ইমান মনত দুখ পোৱাকৈ?
পুনৰ ক'লো , কথা যিয়েই নহওক, যি কথাই আনৰ অন্তৰত দুখ দিব পাৰে, সেই কথা কৈ তুমি কেনেকৈ আনন্দ পাব পাৰা? যদি সেয়াই হয়, তোমাক জানো ভাল মানুহ বুলি ক'ব পাৰিম?
মৌচুমীয়ে টপৰাই উত্তৰ দিলে " নাই নাই বাইদেউ,বিনিতাই দুখ পোৱাতো মই কেতিয়াও নিবিচাৰোঁ। মই আজিৰ পৰা আনক মনত দুখ দিয়া কথা কেতিয়াও নকওঁ বাইদেউ। মই আপোনাক কথা দিলোঁ " -এই বুলি কৈ মৌচুমীয়ে নিজৰ কাণ দুখনত ধৰি তিনিবাৰ মোৰ সন্মুখত উঠা,বহা কৰিলে নিজে নিজে। তাৰপাছত বিনিতাক সাৱতি ধৰিলে।
বিনিতাই ও মিচিকিয়া হাঁহি এটা মাৰি মোৰ ফালে চালে। দেখি ভাল লাগিল।
এনেকুৱা যে কিমান ধৰণৰ কথাৰ সন্মুখীন হোৱা যায় তেওঁ লোকৰ লগত।
এইবোৰ জানো পাহৰি যাব পাৰি? মনৰ মণিকূটত সজীৱ হৈ থকা সোঁৱৰণীয়ে মোক পুনৰ বাস্তৱৰ গধূৰ মনটো পাতল কৰি দিলে।
--
আগলৈ