Type Here to Get Search Results !

প্ৰকৃতি

 জীনামণি বৰগোহাঁই দুৱৰা


পুৱতিৰ   সময়
 সূৰ্য্যই ভুমুকি মাৰো মাৰো
এনেতে দুটি পখী
বটলব্ৰাছজোপাত
কেৰ্কেটুৱাটো বগাই ফুৰিছে
গছজোপাৰ চৌপাশে।
আৰু গোলাপজোপিত
ফুলিছে দুটি পাহি
মিলনৰ জেউতি চৰায়
সেউজীয়া  ঘাঁহনিডৰা
পৰিষ্কাৰ, উজ্জ্বল।
পখিলা কেইটিমান
উৰি   ফুৰিছে
বননিৰ সুৱাস বঢ়াই
চাৰিটা শালিকা চৰাই
দৌৰি দৌৰি আহি
নিমন্ত্ৰণ  কৰিছে
কাৰোবাক   কাষলৈ
কিযে সুন্দৰ সৃষ্টি
মিলনৰ শঙ্খ বাজে
প্ৰভাতে  প্ৰভাতে
বিনন্দীয়া  প্ৰকৃতিৰ
মনোৰম   ৰূপে
মন আৰু  প্ৰাণ
পুৱাই মুগ্ধ   কৰিলে।