Type Here to Get Search Results !

পৃথিৱীৰ অসুখ

 নাছিৰ আহমেদ


যোৱা কেইবা দিনৰ পৰাই
পৃথিৱীৰ খুৱ অসুখ ;
সৰ্ব্ব শৰীৰত প্ৰচণ্ড উত্তাপ  ;
42 ডিগ্ৰী চেলচিয়াছৰ ঘৰ স্পৰ্শ কৰিলেই ।
দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হৈ যৌৱন-প্ৰাপ্ত পৃথিৱীৰ দেহ ভাঙি-চুড়ি তচনচ হৈ গৈছে  ;
এতিয়া অৱশিষ্ট আছে মাথো অস্থিসাৰ অৱয়ব !

যোৱা বছৰেও পৃথিৱী ঋতুমতী আছিল 
দেহৰ শিৰা-উপ-শিৰা দি প্ৰৱাহিত হৈছিল
স্ৰোতস্বিনী,চিৰ প্ৰৱাহিনী গঙ্গা-যমুনা আৰু  লুইত,
বিশাল বুকুত গজি উঠিছিল সেউজ পৰ্বত মালা,
চৰাই- চিৰিকটিৰ সাঙ্গিতীক মূৰ্চ্ছনাত               
পৃথিৱী  ৰজনজনাই  গৈছিল ।
ডেকা-গাভৰুৰ প্ৰাণত যৌৱন উথলি উথলি উঠিছিল !

এতিয়া , সকলো সপোন সপোন লাগে।
পৃথিৱীয়ে হেৰাইছে ৰূপ-ৰস- ৰং - সৌন্দৰ্য্য 
একেবাৰে হৈ পৰিছে নিঃস্ব,সৰ্ব্বস্বান্ত !

হয়তো যি কোনো মুহূৰ্ততে পৃথিৱী
কবৰৰ এন্ধাৰ গহ্বৰত বা
শ্মশানৰ চিতাত উঠি  চিৰদিনৰ বাবে হেৰাই যাব !!
পৃথিৱীৰ যে খুৱেই অসুখ !

যোৱা বছৰো পৃথিৱী ঋতুমতী আছিল!!!

লেখকৰ ঠিকনা-
নাছিৰ আহমেদ, গোৱালপাৰা
ভ্ৰাম্যভাষ:-৯১০১৪৬৫৮০৫