Type Here to Get Search Results !

পথাৰ-খেতি আৰু খেতিয়ক

 ছৈয়দা চায়ৰা বেগম 


পূবৰ আঁচলেৰে সূৰুযে ভুমুকি মাৰোতেই
পিতাইয়ে নঙলা খুলি পথাৰলৈ যায়
ৰ’দফুলৰ দুপৰত সৰা ঘামত
এটা সপোনৰ উকমুকনি
বোকা মাটিত শইচৰ গঁজালি মেলিলেই
বিৰিঙি উঠে আইৰ শুকান ওঁঠত পাতল হাঁহি
নিৰ্বাপিত হ’ব ঘৰখনৰ ভোকৰ
জুইকুৰা
পথাৰ-খেতি আৰু খেতিয়ক
শস্যমালাৰ কবিতা ৷


লেখিকাৰ ঠিকনা-
নাজিৰা নগৰ
ৱাৰ্ড নং ৮
জিলা-শিৱসাগৰ৷