গীতাঞ্জলি দেৱী
গৈ থকাটোৱে তেওঁৰ কাম
যোজন-যোজন ঋতুৰ সেতু অতিক্ৰমী ।
চকুত এখন ন পৃথিৱী ।
তেওঁৰ ধমনীৰে বোৱা সৃষ্টিৰ আদিম গানবোৰে এখন সেউজ সভা পাতে ।
পদ্মনীল চকু উজ্জ্বলি উঠে ।
অভিযানৰ বাবে যে যোজন-যোজন পথ
জানিও তেওঁ ঋতুৰ সেতুৰে গৈয়ে থাকে ।
কতবাৰ আকাশখন খহে
কতবাৰ এটা গৰ্জন তেওঁৰ মৌন ওঁঠত স্তুতি হৈ নামে ,
কতবাৰ নিমাতী নদীয়ে
তেওঁৰ আতোল-তোল কলিজাখন শানত দিয়ে।
কতবাৰ
কতবাৰ
কতবাৰ
তথাপি নাভাগৰাকৈ তেওঁ ৰণুৱা ঘোঁৰাৰ গতিৰে দৌৰিব পাৰে ,
অথবা অদৃষ্টৰ পক্ষপাতকো আওকান কৰি বজাই দিব পাৰে যুদ্ধৰ দুন্দুভি ।
ন এখন পৃথিৱীৰ বাবে ।