Type Here to Get Search Results !

মানুহ

 ৰফিকা বেগম


মানুহ সকলো মানুহ নহয় 

মই দেখিছোঁ বহুত মৰা শ
বাটে ঘাটে বজাৰে সমাৰে ঘূৰি ফুৰা
মই দেখিছোঁ বহুত যন্ত্ৰ
ঘৰৰ সমস্ত বোজা কঢ়িওৱা
মই দেখিছোঁ বহুত নাঙঠ
কাপোৰৰ আঁৰত মুখ লুকুৱাই ফুৰা
মই দেখিছোঁ বহুত অমানুহ
মানৱতাৰ দীঘল দীঘল পাঠ পঢ়োৱা

যেতিয়ালৈকে বুকুৱেদি এখন 
নদী বৈ থাকে
তেতিয়ালৈকে মানুহ মানুহ
শুকাই গলেই
অসংখ্য বালিৰ সমষ্টি
এটা শব্দত মৰুভূমি
হব পাৰে আঁতৰৰ পৰা দেখাত শুৱনি
মৰুভূমিত নহয় খেতি খোলা
নাহে কোনো ৰুৱনি অথবা দাৱনি ।


লেখিকাৰ ঠিকনা-
     নাজিৰা