প্ৰগতি গগৈ চাংমাই
তিতা কাঠখৰি কেইডাল জুইত দি ফুৱাই ফুৱাই ৰেৱতীয়ে পুতেকক চিঞৰি থাকিল--
"হেৰৌ, তাক কালি ইমান ক'লো ৰ'দ থাকোঁতেই খৰি দুডালমান কাট! নুশুনিলে মোৰ কথা । এতিয়া এই বুঢ়ীয়ে জুই ফুৱাই ফুৱাই মৰ! এতিয়া তই সৰু হৈ থকা নাই নহয়। তজবজীয়া ডেকা। অলপ ঘৰৰ কামতো মন দিবি। এনেই ডলাৰ বগৰী হৈ অলৌ তলৌকৈ ঘূৰি নুফুৰিবি। "
"মা, হ'ল আৰু তোৰ! কিমান আৰু বক? অলপ ঠাণ্ডাকৈ থাকচোন! "
" ঠাণ্ডাকৈ থাকিবলৈ তইহে দিয়া নাই। "
" হম! ৰহ , তই আৰু কেঁচা খৰিৰ জুই ফুৱাব নালাগে। মই ব্যৱস্থা কৰি আছোঁ।"
"কি ব্যৱস্থা কৰি আছ ঔ?"
"কওঁ নে?"
"ক আকৌ!"
"তোলৈ বোৱাৰী আনি আছোঁ।"
"নিলাজটো ক'ৰবাৰ! কথা নাই তোৰ? বিয়াৰ কথা পাছতো ভাবিবি! আগতে কিবা এটা কৰাৰ কথা ভাব ।"
"কিবা এটাতো কৰিয়েই থাকোঁ। তইহে মোক একো কৰা নেদেখ।"
"বেঙাটো, তোক মই এই কিবা এটা কৰাৰ কথা কোৱা নাই। ভৱিষ্যতৰ কথা ভাব,... কি কৰি খাবি পাছলৈ..?''
"তই আছইচোন। "
"এইটো। সকলো সময়তে কেৱল ধেমালি। জীৱনটো ইমান সহজ নহয়। দেউতাৰ যোৱাৰ পৰা কিমান কষ্টত জীয়াই আছোঁ তই জানো ভাবি চাইছ কেতিয়াবা? মাটিকেইডৰা নথকা হ'লে কি যে হ'ল হয়?''
" হ'ব দে। তোৰ কথা পাছত শুনিম। আগতে এইখন চা।"
"কি অ' এইখন?"
" মোলৈ বিয়াৰ প্ৰস্তাৱ আনিছে।"
"অ' আই , এই ধোদৰ পচলাটোলৈ কোনে ছোৱালী দিয়ে মইও দেখিম নহয়!"
"দিব দিব কিয় নিদিব? মই কাম কৰিম নহয়।"
" কৰিবিহে। কৰাটো নাই।"
"এতিয়া চিন্তা নাই।"
"চিন্তা নহ'বলৈ তোৰ কি হ'ল?"
" সঁচাকৈ কৈছোঁ অ' মা।"
"জানো তই কি কৈ থাক? মই হ'লে একো বুজি পোৱা নাই।"
"এতিয়া আৰু আমাৰ চিন্তাৰ কোনো কাৰণ নাই। ছোৱালী ধনী ঘৰৰ। মই আৰামত বহি বহি খাম। তই ৰাজমাতা।"
" তই যাৱনে ইয়াৰ পৰা।"
" মা, খং কিয় কৰ?মই ধেমালি হে কৰিছোঁ।"
"সকলো সময়তে ধেমালি কৰে নেকি?''
"তোৰ মুখৰ হাঁহিটো চাবলৈ ধেমালি কৰি থাকোঁ অ' ।তই মোৰ বাবে কিমান কষ্ট কৰ মই নাজানো নেকি?"
"কি কবি ? এয়া আমাৰ ভাগ্য!"
" এই ধৰ আমাৰ ভাগ্য এতিয়াৰপৰা সলনি হ'ল।"
"মানে?"
"চাকৰি"
"ক'ত? কি?"
"মোৰ চাকৰি হ'ল। এয়া যোগদানৰ কাগজ।"
"হওক দে ঈশ্বৰে চকু মেলি চালে।"
" হয় অ' মা। তোৰ কষ্ট দেখি মই মনত বৰ দুখ পাওঁ অ'!"
" হ'ব দে। তই কেতিয়াৰপৰা যাবি চাকৰিলৈ?"
"অহা এক তাৰিখৰপৰা।"
লেখিকাৰ ঠিকনা-
ডিমৌ