Type Here to Get Search Results !

শাওনৰ গান

জোনালী গগৈ


শাওন, তোৰ বুকুত বান্ধি থও
মোৰ হেঁপাহৰ আঘোনবুলীয়া
চৈ দিয়া সোনোৱালী নাও।
সাঁচি থও আশাবোৰ
দুপৰীয়া বতাহজাকত ---
উৰি অহা এফাকি
শাওনিয়া গানত ----।
ভৰা নৈৰ বুকু বাগৰি
নাহিবিচোন বিধ্বংসী বান,
শুনিছোঁ ---মোৰ পথাৰ দৰাত
শাওনৰ উৰ্বৰা গান।
পিতাইৰ পিঠিফতা বনিয়নটোত
ঘামৰ মুকুতা ঢালি ----
শইচবোৰে আঘোনৰ কেনভাচত
সপোন আঁকিছে---
ইফালে কজলা মেঘৰ
পাত সৰা কান্দোনৰ বতাহ লাগি
শাওনে উচুপনি জুৰিছে।
নাঙলৰ সীৰলূত শইচবোৰে
পিতাইৰ বুকু পলসুৱা কৰি
বোৱাই আনিছে মৰমৰ বান,
তাতেই গজিব গজালি
আনিব আশাৰ -----
এভৰাল হালধীয়া ধান।

লেখিকাৰ ঠিকনা- 
শিৱসাগৰ।