Type Here to Get Search Results !

গুণগত শিক্ষা আহৰণত তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ ভূমিকা

 ৰঞ্জিত চুতীয়া


                      তথ্য আৰু যোগাযোগ প্ৰযুক্তি  ( ICT) হৈছে - যোগাযোগ আৰু তথ্যৰ সৃষ্টি, বিতৰণ, সংৰক্ষণ আৰু পৰিচালনাৰ বাবে ব্যৱহৃত প্ৰযুক্তিমূলক আহিলা আৰু সম্পদ  (UNDO 2000, UNESCO 2002) - এই সংজ্ঞা মতে তথ্য আৰু যোগাযোগ প্ৰযুক্তি  (ICT) ত ৰেডিঅ’, দূৰদৰ্শন, ভিডিঅ’, ডিভিডি, টেলিফোন, চেটেলাইট ব্যৱস্থা, কম্পিউটাৰ নেটৱৰ্ক এই প্ৰযুক্তিসমূহৰ লগত জড়িত হাৰ্ডৱেৰ আৰু চফটৱেৰ আহিলা আৰু বিভিন্ন সেৱাসমূহ যেনে - ভিডিঅ’ আৰু টেলিকনফাৰেনচিং, ইলেক্ট্ৰিক মেইল আদি অন্তৰ্ভূক্ত হৈ থাকে।
                      তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ আহিলাসমূহ শ্ৰাব্য, দৃশ্য আৰু দৃশ্য-শ্ৰাব্য এই তিনি প্ৰকাৰৰ হ'ব পাৰে। শ্ৰেণীকক্ষত ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান আহৰণ প্ৰক্ৰিয়াত সহায় কৰাত আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিষয়বস্তু বোধগম্য কৰি তোলাত  ICT আহিলাসমূহে তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। সাধাৰণতে পাঠ্যপুথি, আলোচনী, প্ৰসংগপুথি, শ্ৰেণীৰ টোকা আৰু অন্যান্য মুদ্ৰিত সামগ্ৰী বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা তথ্যসমূহ শ্ৰেণীকক্ষত উপস্থাপন যোগ্য কৰি তুলিবৰ বাবে অধিক সময় আৰু সম্পদৰ প্ৰয়োজন। আনকি সেইবিলাক সহজে উপলব্ধ নহ'বও পাৰে। কিন্তু তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ আহিলাসমূহে এই ব্যৱধান দূৰ কৰাৰ লগতে সকলো প্ৰকাৰৰ শিশুক জ্ঞান আহৰণ আৰু আয়ত্ত কৰণত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে।
                     শ্ৰেণীকক্ষত তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ আহিলাসমূহে সহায়কাৰী বা সুচলকাৰীৰৰ ভূমিকা গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ শিকনত সহায় কৰিব পাৰে আৰু একে সময়তে ছাত্ৰ-ছাত্ৰীসকলেও  ICT ৰ পৰা সহায়কাৰী সেৱা লাভ কৰিব পাৰে। তদুপৰি শিক্ষাদান কাৰ্যৰ বিভিন্ন পৰ্যায়ত যেনে - প্ৰস্তুতি, উপস্থাপন আৰু মূল্যায়ন এই সকলো পৰ্যায়ত তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ আহিলাসমূহে শিক্ষাৰ্থীসকলক অভিৰোচিত কৰে আৰু সমনীয়াৰ লগত পাৰস্পৰিক আন্তঃক্ৰিয়াত সহায় কৰে।
                          তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানে ব্যক্তিৰ নিজস্ব জীৱন, কৰ্মজগতত অনেক পৰিৱৰ্তন সূচনা কৰিছে আৰু সমগ্ৰ বিশ্বৰ বিভিন্ন ব্যক্তি আৰু উৎসৰ লগত যোগসূত্ৰ সম্ভৱ কৰি তুলিছে। ইয়াৰ ফলত বিভিন্ন উৎসৰ পৰা সহজে জ্ঞান আহৰণ সম্ভৱ হৈ উঠিছে। বিত্ত, উদ্যোগ, বীমা, স্বাস্থ্য আৰু ব্যৱস্থাপনা ইত্যাদি গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহতো তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ ভূমিকা অভূতপূৰ্ব।
                          তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ সম্পৰ্কে প্ৰায় ১৯৪০ চনৰ পৰাই চিন্তা-চৰ্চা কৰি অহা হৈছে যদিও বিংশ শতিকাৰ শেষৰ ফালেহে ই সৰ্বব্যাপি চৰ্চিত হয়। গুণগত শিক্ষা আহৰণৰ বাবে তথ্য আৰু যোগাযোগ প্ৰযুক্তিক শিক্ষাখণ্ডত ব্যৱহাৰৰ প্ৰথম পদক্ষেপ গ্ৰহণ কৰে  UNESCO য়ে। আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে  ২০০৪ চনৰ ডিচেম্বৰ মাহত  RMSA ৰ অধীনৰ বিদ্যালয়সমূহত তথ্য আৰু যোগাযোগ প্ৰযুক্তি অন্তৰ্ভুক্তি কৰে। বিগত কেইবাটাও দশক ধৰি তথ্য আৰু যোগাযোগ প্ৰযুক্তিয়ে শিক্ষাখণ্ডত এক নতুন দিগন্ত সূচনা কৰিছে।
                         জন ডিউৱে কৈছিল যে আমি যদি আজিৰ ছাত্ৰ-ছাত্ৰীসকলক কালিৰ দৰে শিকাও তেন্তে তেওঁলোকৰ পৰা কাইলৈটো কাঢ়ি অনা হ'ব। অৰ্থাৎ নতুন প্ৰজন্মক যদি কেৱল পুৰণা পদ্ধতিৰেই শিকাই থাকো তেন্তে তেওঁলোকৰ ভৱিষ্যতটো আমি বলপূৰ্বক ভাবে কাঢ়ি অনা হ'ব।
                        তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ শিক্ষাই শিক্ষণ-শিকন পৰিৱেশৰ বিকাশত গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। তথ্য আৰু যোগাযোগ প্ৰযুক্তি আধুনিক সমাজ গঠনৰ আধাৰস্বৰূপ হৈ পৰিছে। পঠন, লিখন আৰু সংখ্যাজ্ঞানৰ সমান্তৰালকৈ তথ্য আৰু যোগাযোগ প্ৰযুক্তি বুজি পোৱা আৰু ইয়াৰ মৌলিক কৌশলসমূহ আয়ত্ত কৰাটোও মূল শিক্ষাৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে। গতিকে তথ্য আৰু যোগাযোগ প্ৰযুক্তিক অধিক ত্বৰান্বিত কৰি ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষকৰ কাষ চপাই আনিবৰ বাবে অসমত ২০১৯ শিক্ষাবৰ্ষৰ পৰা  MHRD ৰ নিৰ্দেশত SCERT অধীনত পাঠ্যক্ৰমৰ বহু কেইটা বিষয়ৰ পাঠ্যপুথিত QR Code অন্তৰ্ভূত কৰিছে।  QR Code সংলগ্ন কৰা পাঠ্যপুথিত  QR Code সমূহ 'DIKSHA' নামৰ এটা APP ৰ সহায়ত স্কেন কৰিলে পাঠটোৰ লগত সংগতি থকা  e-content সমূহ চাব পাৰি।
                     আমি ডিজিটেল ভাৰত বুলি কলেই নহব, উঠি অহা প্ৰজন্মক একবিংশ শতিকাৰ কৌশলসমূহেৰে কৌশলী কৰি তুলিবও লাগিব। বৰ্তমান ডিজিটেল যুগৰ ছাত্ৰ-ছাত্ৰীৰ শিকনত সহায়ক হ'বৰ বাবে আমিও ডিজিটেল ব্যৱহাৰ সহায় লোৱাৰ প্ৰয়োজনীয়তা আছে। নৱ প্ৰজন্মৰ অনুৰাগ আৰু লাভৰ বাবে বা শিকনৰ সময় কমাবৰ বাবেই হওক, এনেবোৰৰ ক্ষেত্ৰত শিকনক সৰলীকৰণ কৰি শিশু কেন্দ্ৰিক ভাবে উপস্থাপন কৰিবৰ বাবে তথ্য আৰু যোগাযোগ প্ৰযুক্তি এক উৎকৃষ্ট মাধ্যম। তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ সহায়ত বাস্তৱিক স্থিৰ চিত্ৰ অথবা তথ্য চিত্ৰসমূহ ছাত্ৰ-ছাত্ৰীৰ মনোগ্ৰাহী হোৱাকৈ উপস্থাপন কৰিব পাৰি। ভৌতিকভাবে যিবোৰ বস্তু আমি ছাত্ৰ-ছাত্ৰীসকলক শ্ৰেণীকোঠাত দেখুৱাব নোৱাৰো, তেনে বস্তু বা পৰিঘটনাসমূহক সহজে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ সহায়ত উপস্থাপন কৰিব পাৰো।
                       তথ্য আৰু যোগাযোগ প্ৰযুক্তি বুলি ক'লে কেৱল লেপটপ আৰু প্ৰজেক্টৰ সহায়ত বিষয়বস্তুৰ উপস্থাপন কৰাতে সীমাবদ্ধ নাথাকে। বৰ্তমান সময়ত আমাৰ সকলোৱে হাতত কমেও এটাকৈ স্মাৰ্ট ফোন থাকে। শৈক্ষিক ক্ষেত্ৰত বৰ্তমান সময়োপযোগী হিচাপে তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ তথা সুবিধাজনক আহিলা বা যতন হিচাপে স্মাৰ্ট ফোনটোকো ল'ব পাৰি। কাৰণ, ইয়াৰ জৰিয়তে এখন ডিজিটেল ছবি প্ৰস্তুত কৰিব পাৰি যিখনক আমাৰ প্ৰয়োজন অনুসৰি সংৰক্ষণ বা পুনৰ উলিয়াই ল'ব পাৰো। আৱশ্যক অনুযায়ী ডিজিটেল ছবিখন সালসলনি বা ভাগবতৰা কৰি মতামতো গ্ৰহণ কৰিব পাৰি। এটা স্মাৰ্ট ফোনৰ সহায়তে আমি ছাত্ৰ-ছাত্ৰীসকলক বৰ্হিজগতখনৰ লগত পৰিচয় কৰাই দিব পাৰো।

                                     লেখকৰ ঠিকনা-

                                     ৰজাধাপ, সোণাৰি
                                     ডাকঃ- সোণাৰি
                                     জিলাঃ- চৰাইদেউ
                                     পিন-৭৮৫৬৯০
                  মোবাইল নং-৬০০০৫৭১৪৫২