মৰমী আহমেদ
সুৰক্ষাৰ কৱচ তুমি
বিশ্বাসৰ জটিল সন্ধি
হেৰুৱাবলৈ নিদিয়া
সাঁচতীয়া সামগ্ৰী খিনি
ৰাখি থওঁ বুলি থব নোৱাৰি
তুমি বিনে সুৰক্ষিত বুলি
কোনে কেতিয়া লৈ যায়
ধৰিবকে নোৱাৰি,,,,
সঁযতনে সাঁচি ৰখা
আছে এনে বহু সম্পত্তি
এবাৰ হেৰুৱাব লাগিলে
নাপাম যে পুনৰ ঘূৰাই,
অভাৱী চোৰৰ উপদ্ৰৱ
সহিব নোৱাৰি ,,
তলাটিৰ সৈতে চাবি লগাই
অনুভৱ কৰোঁ নিজকে কিছু
সুৰক্ষিত বুলি,,,
কেতিয়াবা দূৰণী বতিয়া ঠাইলৈ বুলি ওলাই যাবলৈ ও চিন্তা হয়
কেনেকৈ এৰি থৈ যাও ঘৰখনি
কাক থৈ যাম ৰখীয়া কৰি
এতিয়া যে তুমিয়েই ভৰষা
ভয় নিৰূপক এপাত চাবি।