নীলিমা গগৈ
এইয়া মই অপেক্ষা কৰিছো
দিপলিপ কন্যাৰ দৰে
ধুনীয়া সাজযোৰে নিজকে সজাই
মই মাথোঁ অপেক্ষা কৰিছো
তোমাৰ বাবেই।
স্মৃতিৰ টুকুৰাই
বৰকৈ আমনি কৰিছে আজি।
তুমি যে কাষত নাই
সেইবাবেই
তুমি থকা হ'লে
হয়তো আলফুলে সাৱতি
আকুলতাৰে ক'লাহেঁতেন
বৰ ধুনীয়া লাগিছে তোমাক
তুমি নথকা দিন ধৰি
তুমি কোৱা প্ৰতিটো কথাই
মোৰ মানস পটত
দোলা দি থাকে।
তুমি বিহীন দিনবোৰ
কি দৰে পাৰ কৰিছো
কেনেকৈ কওঁ মই তোমাক
নিৰ্জন ৰাতি ভাগৰুৱা দেহটো
অকলশৰে শেতেলীত এৰি
গাৰুটো খেপিয়াই চাওঁ
তাতেই বিচাৰি পাওঁ
তোমাৰ অস্তিত্ব
তুমি বিহীন ৰাতিবোৰ
মোৰ বাবে হৈ পৰে
পাৰা পাৰ হীন কাল অমানিশা|
আমাৰ মৰম
ভগৱানেও
সহ্য কৰিব নোৱাৰিলে।
হয়তো আঁতৰাই
লৈ গ'ল তোমাক মোৰ পৰা
বহু যোজন বাট
আশাৰে বাট চাই আছো
এতিয়া মাথোঁ
জোনৰ দেশত তৰাৰ সৈতে
তোমাক মনৰ কথা ক'বলৈ|
লগ পাম এদিন তোমাক
জোনৰ দেশত
গাম আমি দুয়ো একেলগে
দৰদী কণ্ঠে আওঁৰাম
ভূপেন দাৰ কালজয়ী গীতটি:
"তুমি বিয়াৰ নিশাৰ
শয়ন পাতিৰ
এপাহী ৰজনীগন্ধা |