তুলিকা বৈশ্য দাস
প্ৰচণ্ড ধুমুহাই
নিৰলাৰ বন্ধ দুৱাৰত খুন্দা মাৰেহি
বাৰে বাৰে ... সাগৰৰ পাৰৰ বাবেই
এন্ধাৰে আগুৰি নিৰলাক
দুবাহুৰ মাজত সাৱটি ধৰে
নিৰলাই কাবৌ-কাকূতি কৰে...
চিকিমিকি বিজুলী বোৰেই যেন
নিৰলাৰ ঘৰখন পোহৰাই ৰাখে
গাজনি-ঢেৰেকনিবোৰে নিৰলাৰ
নিৰৱতা ভাঙে ...
উচুপি উচুপি নিৰলা দুগুণে নিৰব হৈ পৰে
থৰক্-বৰক্ নহ'বৰ বাবেই
ভেটিটো গঢ়িছিল সুদৃঢ়ভাৱে
আশ্ৰয় লৈছিল আত্মবিশ্বাসেৰে
গোটাইছিল অপাৰ সাহস একান্ত মনে
পদে পদে ন ন অভিজ্ঞতাৰে পৰিপুষ্ট নিৰলাই
আগবাঢ়ে প্ৰতিদিনে সীমাহীন ধৈৰ্য সহকাৰে
এন্ধাৰৰ সʼতে...
শিকিছিল সহণশীলতাৰে
প্ৰয়োজনত সাগৰৰ বুকুতো লীন যাৱলেʼ
সাগৰীয় প্ৰাণীৰ সʼতে উমলিবলেʼ
লুণীয়া পানীৰ সোৱাদ লবলেʼ
নীল সাগৰত উটি-ভাঁহি ফুৰি
বিশাল আকাশলৈ চাই
জোন-তৰাৰ আমোদ ল'বলৈ আৰু
কেতিয়াবা সত্য-শিৱ-সুন্দৰৰ সাধনা কৰি
যেন সাগৰৰ সুগভীৰ তলিতো ডুব যাব
মানিক মুকুটা পাবলেʼ !!... নহয়...
জোন-তৰাৰ দেশৰ সাধু কৈ কৈ
সময়ৰ সোঁতত ঢৌ তুলি তুলি
নাচি-বাগি উভতিব পাৰে যেন...
মুগ্ধময়ী-প্ৰাণময়ী ধৰাৰ বুকুলৈ...
দুটি মন চিৰসেউজীয়াকৈ গঢ়িবলৈ...
ভয় নালাগে যেন নিৰলাৰ
সাগৰৰ বুকুতো লীন যাবলৈ...
লেখিকাৰ ঠিকনা-
সোণাপুৰ , গুৱাহাটী