অৰুণা চেতিয়া খাটনিয়াৰ
মানুহে জীৱনত পোৱা আনন্দ বোৰৰ প্ৰত্যেকৰে সুকীয়া সুকীয়া মাদকতা আছে।
বিদ্যালয়ৰ সময় ছোৱাত ছাত্ৰ- ছাত্ৰী সকলৰ লগত একত্ৰিত হৈ ভিন্ ভিন্ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ চলোৱা প্ৰাৰম্ভিক প্ৰস্তুতিত তেওঁলোকৰ যি উৎসাহ দেখা যায় খুব ভাল লাগে। তেওঁলোকে নিজে নজনা কামত আমাৰ লগত আগ্ৰহেৰে আৰু সহযোগিতাৰে আগবাঢ়িলে সন্তুষ্ট হওঁ।
তেওঁলোকৰ লগত কেতিয়াবা ঠাই দেখোৱাবলৈ বনভোজ খাবলৈ যোৱা হয়, কেতিয়াবা বিষয় অনুযায়ী ক্ষেত্ৰ অধ্যয়ন কৰা হয়। তেওঁলোকক জানিবলৈ, বুজিবলৈ সুযোগ লওঁ, তেতিয়া পোৱা তেওঁলোকৰ অজ্ঞতাখিনি সমূহীয়াকৈ ক'বলৈ সুযোগ পোৱা যায়।যাৰ যোগেদি সকলোৱে উপকৃত হ'ব পাৰে।
মনত পৰিছে এবাৰ চৰকাৰী জ্ঞানজ্যোতি আঁচনি ৰ অধীনত ২০০৫ চনত উজনিৰ প্ৰতিখন জিলাৰ প্ৰতিখন বিদ্যালয়ৰ পৰাই বিশেষ প্ৰক্ৰিয়াৰে বাচনি কৰি গুৱাহাটীলৈ যোৱাৰ সুযোগ মিলিছিল। এই প্ৰক্ৰিয়াৰে নামনিৰ পৰাও উজনিলৈ আনিছিল উজনিৰ বিভিন্ন দৌল,দেৱালয়, ঐতিহাসিক প্ৰাচীন কীৰ্তিচিহ্ন বিলাক দেখুৱাবলৈ।
উজনিৰ পৰা যোৱা আমাৰ যাত্ৰাত ছাত্ৰ- ছাত্ৰী সকলৰ লগত একো জনকৈ তত্বাৱধায়ক শিক্ষক হিচাপে দিছিল প্ৰতিখন বিদ্যালয়ৰ পৰা। আমাৰ গড়গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সেই সুযোগ পাই ময়ো দায়িত্ব বোধেৰে অতিশয় আনন্দিত হৈছিলোঁ।
আমাক বিদ্যালয়ৰ পৰা গাড়ীৰে লৈ যোৱা হৈছিল শিৱসাগৰ জিলাৰ চাৰ্কিট হাউচৰ সন্মুখলৈ। তাতে জিলাৰ যিমান বোৰ ছাত্ৰ -ছাত্ৰী আৰু তত্বাবধায়ক শিক্ষকে সুযোগ পাইছিল সকলোকে একত্ৰিত কৰি উপায়ুক্ত মহোদয়ে নীতি -নিৰ্দেশনাৰে সুন্দৰকৈ যাত্ৰাৰ শুভাৰম্ভনি কৰি পঠাইছিল। লগত সেই সময়ৰ এজন এ,চি,এছ বিষয়া ( অতিৰিক্ত উপায়ুক্ত) শ্ৰীযুত অংকুৰ ভৰালী মহাশয় আৰু চিকিৎসা বিভাগৰ দায়িত্বত থকা দুগৰাকী নাৰ্চ বাইদেউ ,মনত পৰিছে এগৰাকী শ্ৰীযুতা অঞ্জলি ফুকন,আন গৰাকী কল্পনা দত্ত আৰু অন্যান্য সহায়কাৰী পঠাইছিল,যাতে ক'তোৱে একো অসুবিধাৰ সন্মুখীন হ'ব লগীয়া নহয়।
ইং২৮/৫/২০০৫ তাৰিখে পুৱা ৯ বজাত আৰম্ভ কৰা যাত্ৰাত গৈ পিছবেলা গুৱাহাটীত উপস্থিত হোৱাত আমাক নিয়ম অনুসৰি স্বাগতম জনোৱাৰ লগতে কোন ক'ত থাকিব লাগিব বিদ্যালয়ৰ নাম আৰু ছাত্ৰ ছাত্ৰীৰ সুবিধা অনুসৰি থকাৰ যোগাৰ কৰি দিছিল। উল্লেখযোগ্য যে আমাৰ শিৱসাগৰ জিলাৰ সকলোকে খানাপাৰাৰ অসম এড্ মিনিষ্ট্ৰেটিভ ষ্টাফ কলেজৰ হোষ্টেলত কোনো অসুবিধা নোহোৱাকৈ ভাগে ভাগে থকাৰ সু ব্যৱস্থা কৰি দিছিল।
ইং ২৯/৫/২০০৫, ৩০/৫/২০০৫ আৰু ৩১/৫/২০০৫
এই তিনিটা দিনত চৰকাৰী ব্যৱস্থাৰে উলিওৱা পুস্তিকা আমাৰ তত্বাৱধানত যোৱা সকলো শিক্ষকৰ হাতে হাতে একো খনকৈ দিয়া অনুসৰি প্ৰতিটো পলৰ সদ্ ব্যৱহাৰ কৰি ইমান আনন্দ পাইছিলো যে সুঁৱৰি ভাল লাগে।
গুৱাহাটীৰ চাইন্স চেন্টাৰ, বালাজি মন্দিৰ,আই আই টি, গুৱাহাটী ইউনিভাৰ্ছিটি, শংকৰদেৱ কলাক্ষেত্ৰ, প্লেনেটেৰিয়াম,ষ্টেট মিউজিয়াম, চিৰিয়াখানা এই গোটেই খিনি অতি সুন্দৰ কৈ যথেষ্ট সময় দি দেখুৱাইছিল। ৰাতিপুৱা নিৰ্দিষ্ট সময়ত শুই উঠি গা পা ধুই শাৰী পাতি লগ হৈ পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পাছত, ক'ত, কিমান সময় দিব লাগিব, ক'ত লান্স খাব লাগিব সেই তিনিটা দিনৰ বাবে সকলো বোৰ নিৰ্দিষ্ট কৰি থোৱা মতেই হৈছিল। ছাত্ৰ -ছাত্ৰীৰ লগতে আমিও অভিভূত হৈ পৰিছিলো। আমাৰ কিছুমান ল'ৰা -ছোৱালীয়ে হয়তো শিৱসাগৰ খনকে দেখা পোৱা নাছিল সেইসময়ত, তেনে স্থলত গুৱাহাটীৰ ইমান খিনি নেদেখা বস্তু চাবলৈ পাই উৎফুল্লিত হৈ পৰাতো অতি স্বাভাবিক।
দীঘলীয়া যাত্ৰা পথত প্ৰায়বিলাক ছাত্ৰ-ছাত্ৰীক নাৰ্ছ বাইদেউ সকলে পৰিচৰ্যা কৰিবলৈ তৎপৰ হ'ব লগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছিল।
দিনত ফুৰি অহাৰ পাছত সন্ধিয়া থকা হোষ্টেলৰ বিশেষ সভাগৃহত চৰকাৰী ভাৱেই সভা আয়োজন কৰিছিল, য'ত ছাত্ৰ ছাত্ৰীয়ে দিনৰ চাক্ষুস অভিজ্ঞতা বৰ্ণনা কৰি ক'ব লাগিছিল, লগতে নিজৰ নিজৰ প্ৰতিভা বিকাশৰো সুযোগ পাইছিল।
আমাৰ ছাত্ৰ ছাত্ৰীয়েও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ,দিনত পোৱা অভিজ্ঞতা বৰ্ণনা কৰিছিল। আমাৰ বিদ্যালয়ৰ " অতীত সৌৱা চকুৰ আগত, ইতিহাস আমাৰ হাতত" গড়গাঁৱক লৈ শ্ৰদ্ধাৰ প্ৰয়াত কেশ প্ৰভা নাথ বাইদেৱে লিখা বিদ্যালয়ৰ সংগীত টো তেওঁলোকৰ লগত পৰিবেশন কৰি আনন্দিত হৈছিলোঁ। জিলা খনৰ ভিতৰৰ সকলো ছাত্ৰ ছাত্ৰী , শিক্ষক সকলৰ মাজত যি সদ্ভাৱ গঢ়ি উঠিছিল, সেই টোৱে সমণ্বয়ৰ বাট সূচনা কৰিছিল।
জিলাৰ পৰা পৰ্যবেক্ষক হিচাপে যাক দায়িত্ব দিয়া হৈছিল, তেখেতেও পৰ্যবেক্ষণ কৰি উচ্চ প্ৰশংসা কৰিছিল।
আমাৰ ছাত্ৰ, শিক্ষক আৰু সহযোগী গোটেই দলৰ ভিতৰত আত্মীয়তা গঢ়ি উঠিছিল।
এতিয়া সেইবোৰ সুঁৱৰি আহ্লাদিত হৈছোঁ। ভাল লগা অনুভৱ। তিনিটা দিন ফুৰা -চকা কৰাৰ লগতে এদিন যোৱা আৰু এদিন অহাৰ সৈতে এই পাঁচ দিনীয়া যাত্ৰাই আনন্দ প্ৰদান কৰাৰ লগতে, তেওঁলোকৰ মনত দূৰদৰ্শী চিন্তাৰ আভাস পৰিস্ফুত হৈছিল।
তিনিদিনীয়া ফুৰা - চকা কৰাৰ শেষৰ দিনা অৰ্থাৎ ৩১/৫/২০০৫ ত শংকৰদেৱ কলাক্ষেত্ৰৰ মুকলি প্ৰেক্ষাগৃহত সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ লগত ছাত্ৰ -ছাত্ৰীৰ মুকলি আলাপ অনুষ্ঠান এটা অনুষ্ঠিত হৈছিল। মুখ্য মন্ত্ৰী ডাঙৰীয়াৰ সৈতে তেওঁলোকে মনৰ ভাৱ বিনিময়ত সকলো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী বিলাক ইমান উৎফুল্লিত হৈছিল যে আজিও সুঁৱৰি অভিভূত হওঁ।
মাজুলীৰ এজন ছাত্ৰই -
" আমাক নাদৰ পৰা তুলি আনি মুকলি পথাৰত মেলি দি যি আনন্দ প্ৰদান কৰিছে, আমি আকাশ চাবলৈ সুযোগ পাইছোঁ " -বুলি কোৱা কথাই সকলোকে উৎসাহিত কৰিছিল।
সেয়েহে কৈছোঁ -, সকলো আনন্দৰে সুকীয়া সুকীয়া মাদকতা থাকে,পাহৰিব নোৱাৰা।
আগলৈ........