Type Here to Get Search Results !

ফ'ৰ জি ম'বাইল

 ইলা মহন বুঢ়াগোহাঁই


সামগ্ৰিক অগ্ৰগতিৰ বিকাশৰ বাবে
৪২ লাখ শিক্ষকক সামৰি
প্ৰশংসনীয় পদক্ষেপ ল'লে
নিষ্ঠা প্ৰশিক্ষণে ।
S.O.P.T, B.T.C,  S.S.A,   আদি 
আচঁনিক চেৰ পেলাই 
নিষ্ঠাই জয়লাভৰ হাঁহি মাৰিলে ।
N.E.P, I.C.T ,C.WS.N. ,N.C.F.
সকলোকে সামৰি 
শিক্ষাৰ্থীকেন্দ্ৰিক শিকণশৈলী
নতুন শিক্ষানীতি ।
ব্যস্ত হৈ পৰে শিক্ষকসকল 
ফ'ৰ জি ম'বাইলত ।
গুগলত বিচাৰি চলাথ কৰে
ইন্টাৰনেটৰ যাদু ।
কাহুত আৰু মেন্টিমিটাৰত 
পাছৱৰ্ড বিচাৰি 
হুৱা-দুৱা লগায় ।
লাইব্ৰেৰী গ্ৰাণ্টৰ পৰা ইক'গ্ৰাণ্টলৈকে
কেৰিকুলামৰ নতুন শিক্ষানীতি 
জাতি, মাটি , ভাষা ,সংস্কৃতি
ব্যক্তিগত আৰু সামাজিক গুণ

কন্যা সন্তানৰ সুৰক্ষা
আৰু বহুতো------++।
এতিয়া শিক্ষকৰ টেনচন দূৰ হ'ল 
সকলোৰে হাতত ফ'ৰ জি ম'বাইল হ'ল ।