Type Here to Get Search Results !

তিনিশৰীয়া কবিতা

 ছৈয়দা চায়ৰা বেগম


  (১)
মমডাল জ্বলি জ্বলি শেষ হ’বৰ হ’ল
অৱশিষ্ট পোহৰত 
কঁপি কঁপি ছাঁটো হে ৰ’ল

(২)
কিচিৰ-মিচিৰকৈ পখীবোৰে কি ক’লে
সূৱৰ্ণ সূৰ্যটোৰ বতৰা দিলে
প্ৰত্যুষতে আৱাহনী গীতে মন জুৰালে

(৩)
বীণাৰ ছিন্ন তাঁৰে
নোৱাৰে তুলিব
সুৰৰ অমিয়া ধ্বনি

(৪)
নাড়ী ছিন্ন কৰিলেই
দেৱশিশুৰ কান্দোন
এক পবিত্ৰ ধ্বনি ৷


লেখিকাৰ ঠিকনা-
নাজিৰা নগৰ
ৱাৰ্ড নং ৮
জিলা-শিৱসাগৰ ৷