তুলিকা বৈশ্য দাস
পাহাৰৰ বুকুয়েদি সাগৰ ধিয়াই যোৱা
নিজৰা তুমি...
থৰ্ লাগি চাই থকা সেই পাহাৰৰেই
মই মাথো বনৰীয়া ফুল এপাঁহি
নাজানো সৌৰভ কি
তথাপি সেউজী পাহাৰখনে
আকুলতাৰে মোক ৰাখে সাৱটি
তৃষাতুৰ হৈ চাই থাকোঁ ৰৈ
কুলু কুলু ধ্বনি বোৰ ভাঁহি আহে সুৰ হৈ
শিলত ঠেকা খাই ঢৌ তুলি তুলি
নাচি-বাগি গীত গাই বৈ আহি
দূৰৰ পৰাই কি যে মনোৰম অনুপম
সুষমা উপমাৰে সুৰভিত কৰি
উপচায় তোলা ...মোৰ হিয়াখনি
যেন ফেনে-ফোটোকাৰে উঠা
প্ৰশান্তিৰ মহাপ্লাৱনেৰে সিক্ত কৰি
সাগৰ ধিয়াই যোৱা অভিযাত্ৰী তুমি...
অথচ মোৰ সুখ-দুখ একোৱেই নুবুজি
দবা-পিটা বৰ্ষাৰ এতিয়া অপেক্ষাৰত
মোৰ শুভাকাঙ্খী নিজৰা তুমি...
বৰ অভিমানী ...
তথাপিও সকলো পাহৰি
সেই সুৰৰ লহৰত কঁপি উঠে
মোৰ নাচনী দেহাটি
হালি-জালি হাত মেলি চাওঁ
তোমাক লগ পাওঁ বুলি
পাবা জানো তুমি মোৰ শিপা বিচাৰি !
বাট চাই থাকোঁ মাথো
জিৰ্ জিৰ্ জিৰ্ কৈ নিৰৱধি হৈ
আমাৰ সেউজী পাহাৰখনি
সজীৱ কৰি ৰাখিব পাৰিবা নিশ্চয় তুমি
সাগৰ ধিয়াই যোৱা সেই পাহাৰৰেই
নিজৰা তুমি...
লেখিকাৰ ঠিকনা
সোণাপুৰ, গুৱাহাটী