Type Here to Get Search Results !

সপোন

 নীলিমা গগৈ,শিক্ষয়িত্ৰী, গেলেকী


নিলিখো আৰু দুখৰ কবিতা
সাতোৰঙী আবিৰে কৰিম  জীৱন বৰ্ণময়।

জিলমিল জোনাকত 
তৰাৰ সৈতে গাম
মন জুৰোৱা গীত।

ৰাংঢালি পখিলী হৈ
নিজৰাৰ কুলু কলু ‌সুৰত
নাচিম পশ্চিমৰ দিশৰ
পচোৱা জাকৰ সৈতে।

চাতকী পক্ষী  হৈ
মনৰ উলাহত
আকাশৰ দিশলৈ
গতি কৰিম
নতুন সাজ সাজিবলৈ।

জীৱন বীনাত সুৰ 
তুলিম জোনাক জিনা
এজাক তৰাৰ মিছিল হৈ।