সবিতা বৰুৱা
কাহিলী পুৱাতে আকাশত
বেলিয়ে হাঁহিলে ,
জীৱনেও সেউজীয়া হৈ,
নিভৃত কোণত
সুললিত কন্ঠৰ গীত যুৰিলে
হৃদয়ত লীন যায়,
লুণীয়া তাপ !
জীৱনৰ দিকচৌ বাটত
অজান সুললিত স্বৰে
ভটিয়নী নাওত গতি কৰে...
নাওৰ ঢৌত বতাহ লাগি
উৰি আহে লৰিয়লি চৰাই
জীৱনৰ উমাল পথেদি ৰিঙিয়াই ....!