Type Here to Get Search Results !

দহন

 গীতাঞ্জলি দেৱী 




 
 

 (১)
একো শব্দই নাই  
যি শিল্পক কঠিন ভাস্কৰ্য্যৰ মাজত 
বিচাৰি সুখী হ'ব পাৰোঁ ,
সহজ হৈ , সহজ কৈ 
তেজৰ মাজত শিল্পীৰ আহুতি চাবতো নোৱাৰোঁ ।

 (২)
শূণ্যতাত বহুত পৰিপূৰ্ণ কথা থাকে 
যি অহৰ্নিশে দহি থাকে হৃদয় ,
অনুভৱ কৰিব পৰাকৈ জী থাকিও
নক্ষত্ৰ বুৰ যোৱা বাটত বিচাৰিব পাৰোঁজানো  তেজিমলা-সময় ?