Type Here to Get Search Results !

চিনাকি পৃথিৱীৰ অচিনাকী সুৰ

 দিপালী ৰাধিকা   শিৱসাগৰ,গেলেকী




শুনিছোঁ তুমি হেনো,
পূৱেৰুণীয়া বেলিটিৰ প্ৰখৰ
ৰ'দজাক সহ্য কৰিব নোৱাৰি
সূৰুযৰ ছাঁটো বিচাৰি বিজ্ঞাপন দিছা।
সকলো জানিও নজনা ভাও কিয় ধৰা,
আহ্নিক গতিতেই জানো ঘূৰা নাই বেলি
নীলিমৰ গোপন আঁৰত বহি।
সময়ৰ গতিত ভাস্কৰ প্ৰকাশ হৈ থাকিব,
নিয়ঁতিৰ বাধা জানো দিব পাৰিবা,
আমি বোৰনো কোন?
ৰ'দৰ কাঁচলি উলমি ফুৰা ধূলিকণাহে,
তাকে দেখি আত্মদৃষ্টি কিয় দিছা ?
ছেদ-ভেদ নোহোৱা কথাৰ  ৰেখাৰ
দ্ৰাঘিমাক জুখিব বিচাৰিছা ?
নিজে উজুটিখাই পৰিবা চাবা
চিনাকি পৃথিৱীখনত অচিনাকী হৈ।
অৰঙে-দৰঙে ৰাগ টানি,
চেৱত নচোৱাবলৈ যাওঁতে
নিজৰ বেলিকা চাবা,
খৰালি নদীৰ দৰে শুকাই যাবা,
পাহাৰৰ দৰে খহিবা
বৰফৰ দৰে গলিবা।
ভটিয়নি দাপোনত মন কৰিবাচোন,
লাহে লাহে পশ্চিমত ঠেং মেলা সপোনবোৰ,
যখিনী ঘাটলৈ ঢাপলি মেলি,
ৰূপহী বুকু আয়ুসত কিৰিলি পাৰিব।
তেন্তে অহংকাৰী কিয় হোৱা?
মহঙা জেদ এটি লৈ।