প্ৰগতি গগৈ
ৰুণুমী আৰু প্ৰশান্ত একেখন গাঁৱৰে একেটা চুবুৰীৰে৷ একেলগে খেলি , ফুৰি ডাঙৰ-দীঘল হৈছে গাঁৱৰ ধূলি-বালিৰ মাজত৷ ল'ৰালিৰ শিশুসুলভ মৰম আৰু কইনা-দৰাৰ খেলেই যৌৱনত সিহঁতৰ মাজলৈ প্ৰেমৰ আগমন ঘটিল৷ দিন গৈ থাকিল…সিহঁতৰ মাজৰ প্ৰেমৰ বান্ধোনো কটকটীয়া হৈ গৈ থাকিল৷ যিমানেই সময় গৈ থাকিল মৰমবোৰো যেন বাঢ়ি গৈ থাকিল ক্ৰমাৎ! ইটোৱে সিটোক এৰি এখন্তেকো থাকিব নোৱাৰা হ'ল৷ এটাৰ দুখত দুখী, ইটোৱে সিটোৰ সুখত সুখী। লাহে লাহে ঘৰতো কথাবোৰ গম পোৱা হ'ল৷ ৰুণুমীৰ ঘৰৰ ফালৰ পৰা একো বাধা নাছিল৷ মাথোঁ তাইক তাইৰ দেউতাকে বুজাইছিল -সিহঁত ধনী ঘৰৰ৷ তোক বোৱাৰী কৰি নিবলৈ সিহঁতৰ ঘৰত দিবনে? কথাবোৰ সিমান সহজ নহয় তই যিমান সহজ ভাবিছ ডাঙৰ আই৷ তোৰ ভৱিষ্যতৰ কথা আছে৷ বিশেষকৈ তাৰ মাকজনী মুখচোকা তিৰোতা৷ তই নিজেই জানই৷ তেনেকুৱা এখন ঘৰলৈ দুখত পৰিবলৈ যাবলৈ দিবলৈ মন নাই আই ।
তাই মৌন হৈ ৰৈছিল৷ মনতে ভাবিছিল প্ৰশান্ত ভাল ল'ৰা যেতিয়া নিশ্চয় সুখী হম৷ তাৰ দুখত দুখী, সুখত সুখী হৈ ৰম৷ হয়তো তাৰ সুখত মাকো সুখী হ'ব আৰু দুয়োটাকে আঁকোৱালি ল'ব। তাইৰ ধাৰণা ভুল আছিল। তাইৰ সৰল মনটোৱে বুজিব পৰা নাছিল।
প্ৰশান্তৰ ঘৰৰ পৰা আপত্তি দৰ্শাইছিল মাকে ৷ ৰুণুমীৰ দেউতাকে যি ভাবিছিল সেইটোৱে হৈছিল৷ প্ৰশান্তৰ মাকৰ সিহঁতৰ মিলনত বাধা দিয়াৰ একমাত্ৰ কাৰণটোৱে হৈছিল সিহঁত দুখীয়া৷ তেওঁ স্পষ্টকৈ প্ৰশান্তক কৈ দিছিল -
"তই ৰুণুমীক কোনো কাৰণতে এইখন ঘৰৰ বোৱাৰী কৰিব নোৱাৰ। এইখন ঘৰৰ সন্মান আছে। ঘৰৰ মৰ্যাদা লাঘৱ হ'বলৈ মই কেতিয়াও নিদিম। দুখীয়া ঘৰৰ লগত সম্পৰ্ক কৰাৰ ইচ্ছা মোৰ মুঠেও নাই। যদি মোৰ কথাৰ বিপৰীতে তই ৰুণুমীক বিয়া কৰাওঁ , মোৰ মৰা মুখ দেখিবি!"
"মা, তুমি কিয় এনেকৈ কৈছা? ৰুণুমী বহুত ভাল ছোৱালী। বহুত নম্ৰ। দুখীয়া হ'ল বুলি তাইৰ জানো কাৰোবাৰ ঘৰৰ বোৱাৰী হোৱাৰ অধিকাৰ নাই? মই ভালপাওঁ ৰুণুমীক। দুয়োটাই দুয়োটাকে এৰি আনৰ কথা কেতিয়াও ভাবিব নোৱাৰোঁ। "
"তোৰ এইবোৰ কথা শুনিবলৈ মোৰ হাতত সময় নাই। আজিৰ পৰা যাতে তোৰ মুখত ৰুণুমীৰ নাম শুনা নাপাওঁ।"
প্ৰশান্ত বিমুখ হৈছিল। মাকৰ পৰা অন্ততঃ এনে উত্তৰ আশা কৰা নাছিল। সি নোৱাৰে.... সি কোনোপধ্যেই ৰুণুমীৰ নিচিনা সহজ- সৰল ছোৱালী এজনীক ঠগিব নোৱাৰে। সি ৰুণুমীক লৈ দেখা সপোনবোৰ থানবান হৈ যাবলৈ দিব নোৱাৰে। সি কোনসতে ৰুণুমীৰ তাৰ প্ৰতি থকা ভৰসা নি:শেষ কৰিব পাৰে?
প্ৰশান্তৰ মাকৰ তৰ্জন গৰ্জন চলি থাকিল।
তথাপি সিহঁত দুয়োটাই যিমান ধুমুহা নাহক জীৱনলৈ একেলগে থকাৰ সিদ্ধান্ত ল'লে৷