Type Here to Get Search Results !

অসমীয়া সংস্কৃতিৰ অনন্য সুন্দৰ লোক-উৎসৱ দৰঙৰ "দেউল" উৎসৱ

 অমূল্য শৰ্মা, মঙলদৈ 


 বহাগ মাহত ৰঙালী বিহুৰ আনন্দত সমগ্ৰ অসমীয়া ৰাইজ মতলীয়া হৈ থকাৰ মাজতে দৰঙৰ ৰাইজো ৰঙালী বিহুৰ লগতে দৰঙত প্ৰচলিত এটি অন্যতম লোক-উৎসৱ "দেউল" উৎসৱত মতলীয়া হৈ পৰে । খ্ৰীষ্টীয় একাদশ শতিকাৰ পৰাই দৰঙত এই উৎসৱ পালন কৰি অহা হৈছে । প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ আকৰ্ষণত মতলীয়া দৰঙবাসীয়ে কৃষিকৰ্মৰ বাবে নিজকে সাজু কৰিবলৈ ভগবানৰ আশীষ লবলৈ বিভিন্ন লোক-উৎসৱ সমূহৰ উদযাপন কৰিছিল । সেই অনুসৰিয়েই খ্ৰীষ্টীয় একাদশ শতিকাত কোচ ৰজাসকলৰ দিনৰ পৰাই দৰঙত লোক-উৎসৱ "দেউল"ৰ প্ৰচলন হৈ আহিছে । এই দেউল উৎসৱক দৰঙৰ অন্যতম বসন্তোৎসৱ বুলি মানি লব পাৰি । 

            "দেউল" উৎসৱৰ কাৰণে সেই ঠাইত এটি বৃহৎ আকাৰৰ মাটিৰ দ'ল (দেউল) সাত ঠাককৈ তৈয়াৰ কৰি লয় । এই সাত ঠাকে সপ্তদ্বীপক বুজাই । ঢীপৰ একেবাৰে ওপৰৰ সৰুটোত ভগবান বিষ্ণুৰ প্ৰতিমূৰ্তি ৰখা হয় । ইয়াৰ ওপৰত বাঁহ পুতি এখন শুধ বগা কাপোৰৰ চন্দ্ৰতাপ তৰি দিয়া হয়। লগতে প্ৰতিমূৰ্তিৰ দুয়োকাষে কলা-কৌশল যুক্ত কাঠৰ মগৰ তৈয়াৰ কৰি চকুত লগাকৈ সজাই থোৱা হয় । ইয়াক প্ৰতিষ্ঠা কৰাৰ আগতে তেল সানি সেন্দুৰৰ ফোঁট দি চকুত লগা কৰা হয় । কাঠত খোদিত মগৰৰ ভাস্কৰ্যই সপ্ত সাগৰক বুজায় । কাৰণ মগৰকেই সাগৰত থকা জীৱৰ ভিতৰত শ্ৰেষ্ঠ জীৱ বুলি ধৰা হয় । গতিকে মগৰ প্ৰতিষ্ঠাৰ দ্বাৰা সপ্ত সাগৰৰ অৱস্থিতি সহজে মানুহৰ মনলৈ আনিবৰ বাবে ইয়াক ব্যৱহাৰ কৰে । বিশেষকৈ সৃষ্টিৰ আদিমূল ভগবান শ্ৰীবিষ্ণু প্ৰলয় জলত অনন্ত শয্যাত থকা কাৰণে বিষ্ণু বা নাৰায়ণৰ ধাৰণা মানুহৰ মনলৈ সহজে আনিব পৰাকৈ এই মগৰৰ প্ৰতিষ্ঠা কৰা হয় । সেয়ে দেউলৰ ওপৰত মগৰৰ মাজত বিষ্ণুৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰা হয়। 

উল্লেখ্য যে দেউল উৎসৱত বিষ্ণু পূজা সদায় উত্তৰফালে মুখকৈ কৰা হয় । কিয়নো প্ৰলয় জলত শ্ৰীবিষ্ণু অনন্ত শয্যাত উত্তৰ মুখীয়াকৈহে থাকে । এই উৎসৱৰ জৰিয়তে সেই সময়ত মানুহৰ মনত বিষ্ণুৰ ভক্তি বঢ়োৱাৰ চেষ্টা কৰা হৈছিল । 
দৰঙী ৰাইজে বিশ্বাস কৰে যে- "দেউলৰ ভেঁটিৰ চাৰিওফালে ঘুৰিলে পূৰ্বজন্মৰ পাপ মোচন হয় । দেউলত সেৱা কৰিলে বসন্ত, কলেৰা আদি মাৰি-মৰক, অপায়-অমঙ্গল আদি দূৰ হয় । দেউলৰ ভেঁটিৰ মাটি হাঁহ উমনিত দিলে আটাইবোৰ কণী জগে । দেউলত সেৱা কৰিলে বিবাহযোগ্য ছোৱালীৰ বিয়া নামে ।" এনে ধৰণৰ বহুতো লোক-বিশ্বাস দৰঙৰ দেউল উৎসৱৰ লগত জড়িত হৈ আছে । এই অঞ্চলৰ লোকসকলে দেউল-পূজা কৰা আৰু দেউল দৰ্শন কৰা দুয়োটাই বৰ পৱিত্ৰ বুলি ভাবে আৰু যিজনে দেউল পূজা কৰে, তেওঁ পুণ্য অৰ্জন কৰে বুলিও বিশ্বাস কৰে । 

          জন বিশ্বাস আৰু "শিয়ালা বৈষ্ণব চৰিত"ৰ মতে খ্ৰীষ্টীয় একাদশ শতিকাত শিয়ালা বৈষ্ণৱৰ পিতৃ ধৰ্মদেৱ বিপ্ৰ ভূঞাঁই ছিপাঝাৰ অঞ্চলত সত্ৰ পাতি বসবাস কৰিছিল । তেখেত অতি শাস্ত্ৰজ্ঞ আৰু ধৰ্মপ্ৰাণ ব্যক্তি আছিল । তেখেতে ধৰ্মীয় চিন্তা-চৰ্চাৰ জৰিয়তে মানুহৰ মনত ধৰ্মীয় ভাৱ জগাই তুলিবলৈ চেষ্টা কৰিছিল । "শিয়ালা বৈষ্ণৱ চৰিত" পুথিত এই বিষয়ে পোৱা যায় । এয়াৰ পৰাই জনা যায় যে শিয়ালা বৈষ্ণবৰ পিতৃ ধৰ্মদেৱ বিপ্ৰ ভূঞাঁয়েই একাদশ শতিকাত পোন প্ৰথম ছিপাঝাৰ অঞ্চলৰ বৰদৌলগুৰিত বিষ্ণু পুজাৰ জৰিয়তে দেউল উৎসৱৰ আৰম্ভণী কৰিছিল । তেওঁৰ দিনতে দেউল উৎসৱ উপলক্ষে তৈয়াৰ কৰা বৃহদাকাৰ দ’লটো প্ৰায় ৭৫০ বছৰ ধৰি এতিয়াও বৰদৌলগুৰিত সগৌৰৱে থিয় হৈ আছে । সেই দ’ল সাজোতে সৃষ্টি হোৱা বৰপুখুৰী এতিয়াও সাক্ষী হৈ আছে । এই ‘বৰদেউল’ উৎসৱেই দৰঙৰ দেউল উৎসৱৰ আৰম্ভণী । পিচলৈ এই উৎসৱ দৰঙৰ চুকে-কোণে বিয়পি পৰে । বৰ্তমান গোটেই বহাগ মাহৰ প্ৰত্যেকটো দিনতে দৰঙৰ বিভিন্ন ঠাইত মহা প্ৰয়োভৰেৰে এই দেউল উৎসৱ পালন কৰা হয়।


           লোক বিশ্বাস মতে দৰঙী ৰজাসকলে বহাগ মাহৰ বিভিন্ন দিনত কোন কোন স্থানত দেউল অনুষ্ঠিত হ’ব তাক সুনিৰ্দিষ্ট কৰি দিছিল । বৰ্তমান অৱশ্যে নিৰ্দিষ্ট কৰি দিয়া দেউলৰ বাহিৰেও বহুতো নতুন নতুন দেউলৰ সৃষ্টি হৈছে । ইয়াৰ পৰা সহজে অনুমান কৰিব পাৰি দেউল উৎসৱৰ জনপ্ৰিয়তা যে অধিক বাঢ়ি গৈছে । আনকি জিলাখনৰ খাৰুপেটীয়া, দলগাঁও, ধূলা আদি অঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলেও দেউল উৎসৱৰ লগত সংগতি ৰাখি ধৰ্মীয় কাৰ্য পৰিহাৰ কৰি মেলাৰ আৰ্হিত এই উৎসৱ পালন কৰে । 

           দেউল উৎসৱৰ জৰিয়তে দৰঙী ৰজা সকলে জনসাধাৰণৰ মাজত ধৰ্মীয় ভাৱ-ধাৰাৰ লগতে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে একতা আৰু ভাতৃত্ববোধ জগাই তুলিবলৈ সক্ষম হৈছিল । এই উৎসৱত বিষ্ণু পূজাৰ উপৰিও বিৰাট মেলাৰ আয়োজন কৰা হয় । দৰঙৰ ডাঙৰ ডাঙৰ দেউল উৎসৱ যেনে- ঘোঁৰাবান্ধা, বুঢ়ীনগৰ আদি দেউলবোৰ অত্যাৱশ্যকীয় অথচ দূৰ্লভ স্থানীয় বয়-বস্তু যেনে- শিমলুৰ তুলা, পাটি, থেকেৰা টেঙাৰ শুঠি, তেতেলী, বাঙি, তৰমুজ আদিৰ লগতে সৰ্থেবাৰী, হাজো আদি ঠাইৰ কাঁহ-পিতলৰ বাচন-বৰ্তন, লোঁৰ সা-সৰঞ্জাম বেচা-কিনা কৰা বৃহৎ মেলালৈ পৰ্যবসিত হৈ এই উৎসৱৰ অৰ্থনৈতিক দিশটোও প্ৰকট হৈ পৰাটো পৰিলক্ষিত হৈছে ।
         ইয়াৰ উপৰিও উৎসৱ থলীত বিহু, সুকনানি ওজাপালি, ব্যাসৰ ওজাপালি, দেওধনী নৃত্য, ঢেপা-ঢুলীয়া, বৰ-ঢুলীয়া, খুলীয়া ভাওনা আদি বিভিন্ন কলা-কৃষ্টিৰ প্ৰদৰ্শনে এই উৎসৱক অধিক আকৰ্ষণীয় কৰি তোলাৰ লগতে সাংস্কৃতিক দিশত আগবঢ়াই নিছে । দেউল উৎসৱে ৰঙালী বিহুৰ লেখিয়াকৈ বিয়া-বাৰুৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । দেখা যায় যে বিবাহযোগ্য ডেকা-গাভৰুৱে দেউল চাবলৈ আহি নিজৰ প্ৰিয়জনক লগ ধৰাৰ সুবিধা পাইছে আৰু  ডেকা-গাভৰু উভয়ে বাপেক-মাকৰ অলক্ষিতে দেউল চাবলৈ আহি পলাই গৈ ঘৰ-সংসাৰ কৰাৰ অনেক উদাহৰণো পোৱা যায় । এইক্ষেত্ৰত বুঢ়ীনগৰ আৰু শিলৰ খুটি বুঢ়া গোঁসাইৰ দেউলত হেনো ল’ৰাই ছোৱালী পলুৱাই নিয়াটো এটি সাধাৰণ ঘটনা বুলি মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে । 
         এই দেউল উৎসৱসমূহ দৰঙী লোক-বিশ্বাসৰ এক অনন্য প্ৰকাশ । এই ধাৰা দৰঙী ৰাইজৰ মাজত চিৰ প্ৰবাহমান হৈ থাকক ।