Type Here to Get Search Results !

অস্তিত্ব

 বলীন চেতিয়া


এটি ৰঙা গোলাপৰ কলি 
এপাহি তেজৰ দৰে ৰঙা,
ফুল হৈ ফুলিব বিচাৰো  ।
কিন্তু নোৱাৰিছো   মই 
প্ৰকৃতিৰ ব্যাকুল সৃষ্টি,
বতাহ, ধুমুহা, ৰ'দ,বৰষুণ
আৰু তাৰ ওপৰিও
পখিলা, ভোমোৰাৰ আমনিত
মই বৰ অসহায় হৈ পৰিছো
................!
নাজানো মোৰ কি দুখ,
কি পাপ আছিল ....?
সেউজীয়া পৃথিৱীৰ বুকুৰ মাজত,
মইও জীয়াই থাকিব বিচাৰো।
মানৱ জাতিৰ দৃষ্টিত
আকৰ্ষণীয় হৈ থাকিব বিচাৰো
এপাহি তেজৰ দৰে ৰঙা
ফুল হৈ ফুলিব বিচাৰো ।

জীৱনটো দেখোন সম্পূৰ্ণকৈ
পূৰণ কৰিব নোৱাৰিছো মই
আশাবোৰ শেষ হৈ যাবগৈ
নাথাকিব মোৰ এটি ৰঙা গোলাপ কলিৰ  অস্তিত্ব  ।