Type Here to Get Search Results !

পৰুৱা

 ৰেখা বৰকটকী 


দিব্যদৃষ্টি,  ঠিক জুমি চোৱা
অপৰাহ্নৰ বেলিটোৰ  দৰে,
সূক্ষ্ম শৰীৰত বৃহৎ  পৰিকল্পনা  জৰীপ 
আমদানি অথবা ৰপ্তানীৰ খতিয়ানেৰে  আগুৱান
যুদ্ধকালীন তৎপৰতাত
নেভাগৰা দেহা অযুত সপোন মনত  অঁঁকা  ধূলিকণা হিয়া
কোন ক'ত আছা আটায়ে ওলাই আহা
"উমৈহতীয়া শ বাহি শ নোহোৱা"
এককথাত
তমসা নিবিড় আন্ধাৰতো  নিপিছলা হাবিয়াস..
ক্ষুদ্ৰতিক্ষুদ্ৰ অৱয়বত
কোনে দিলে ইমান হিচাপী একোটা প্ৰাণ  সম্পৰীক্ষাত তৎপৰ,
খবৰদাৰ , ভগাই -বিলাই খোৱা কণমান খাদ্যসম্ভাৰ..
শুং ডালৰ আগত সংবাদ সামৰি বন্ধু ,ভাই, আই ,বাই সকলোকে
 বাটে পথে দি যোৱা খবৰ ,যাকেই পায়!
একাগ্ৰতা, মৰসাহ ভাৰ কঢ়িওৱা
মাউখে উটাৰ জ্ঞান, জানো ক'ত পায়?
ধীৰ গতিৰে একাগ্ৰ চিত্তে বহু সময়ৰ যুঁজৰ অন্তত গাঁতত নপৰি  
চিকাৰ মুখৰপৰাও যায় আঁতৰি
তথাপি জানো লক্ষ্য ভ্ৰষ্টৰ  কথা থাকিল? 
পুণৰ ঐকবদ্ধ হ'ল
নতুন উদ্যমেৰে আগুৱান 
সাহসৰ ভেটিও টনকীয়াল..
নীৰৱে, নিমাতে
যুদ্ধবোৰ চলে  
 হাজাৰ হাতীৰ বল সিহঁতৰো আছে..
সম্পাদনা ,পুণৰীক্ষণ একতাৰ জয়গান অহৰহ গোৱা
বাহুবলীৰ দৰে প্ৰাণ অতিকে ঠুনুকা জীৱন হায়!
 মানুহৰ ভৰিবোৰৰ তলুৱাতে যে মৃত্যুৰ শলখা!
তথাপি দৈনিক ব্যস্ততা
নাই বিৰাম মাথো তৎপৰতা
আজি নিজিকিলে কাইলৈও যুজিব
চেষ্টা জানো  হয় অসাধ্য? 
চৰৈৱেতি জীৱনৰ গতি
কণকণ হাত ভৰিত থাকিবই শকতি..

      
 যোৰহাট 
ফোন-৯৭০৬২২১০১১