Type Here to Get Search Results !

মঞ্চ বিহু

 মৰমী আহমেদ


জাতীয়তাৰ চিনাকি বিহু আমাৰ তিনিটি
মনে প্ৰাণে বৈ আছে আছে 
অসমীয়া সংস্কৃতি,,
কিদৰে ৰাখিম জীয়াই
তাৰেই চলাই যাও আমি
এক সুকীয়া প্ৰস্তুতি,
যৌৱন মতলীয়া কৰা
ৰঙালী বিহুটি,
আহে কাষে চাপি চাপি
কুলিৰ মাতত সাৰ পাই উঠে আই ব'হাগী ,,
সাজোন - কাচোন কৰি ওলাই যায় 
ব'হাগী আই কঁকাল ঘূৰাই
এপাক বিহু নাছিম বুলি,,
গছৰ তলে তলে বিহু গীতৰ তালে তালে যৌৱনা ডেকা গাভৰুৱে 
নাচে উদ্দাম সানি,,
এতিয়া যে সৃষ্টি হৈছে 
ন ন আধুনিক শৈলী
সকলোবোৰেই যেন আনি দিছে এতিয়া 
নৱ নৱ শৈলীৰে নতুনত্বৰ চানেকি
গছৰ তল এৰি 
আজিকালি উলিয়াইছে মঞ্চ সাজি
বিহু অনুষ্ঠান পাতিম বুলি
আমন্ত্ৰণ কৰা গায়ক গায়িকাই ও 
গীত গাই প্ৰাণ ঢালি
তাৰ পৰাই ও যেন 
আধুনিকতাৰ গোন্ধ এটি
আহে ভাঁহি,,,
ভিন্ন নৃত্যৰ সমাহাৰ পাতি 
দি আহিছে সদায় অসমীয়াৰ চিনাকি 
ব'হাগী সন্ধিয়াৰ এক উজ্জ্বল আকৰ্ষণ
মঞ্চ বিহুৰ জনপ্ৰিয়তাৰ দিশ,,,,,,,।