Type Here to Get Search Results !

মৌন সংলাপ

 গৌতম মালাকাৰ


তুমিতো জানাই
মৌনতা মোৰ অতিকৈ প্ৰিয় সংলাপ
চকুৰ তুলিকাই ছবি আঁকি যায়
সুকোমল হৃদয়ৰ ৰঙা দলিচাত!
অদৃশ্য ডাকোৱালে বহু বাৰ্তা লৈ যায়
এখনৰ পৰা আনখন হিয়ালৈ...
তুমিয়ো শুনা ময়ো শুনো
মৌনতাৰ আঁচলত পঞ্চশব্দৰ মহাকল্লোল!
গভীৰ আস্থাৰ নিঃশব্দ আলাপবোৰে
নিয়ম মোহাৰি পোহৰায়
প্ৰেম আকলুৱা কলিজাৰ কাৰেংঘৰ...
দুয়ো ভালদৰে বুজি পাওঁ 
নিবিড় বন্ধনৰ বিমল সুখত 
আমাৰ মন কিমান(!) উচাতন
প্ৰাণতৰংগ‌ই দ্ৰুততৰ কৰা বুকুৰ স্পন্দন
তুমিয়ো হৃদয়ঙ্গম কৰা ময়ো কৰোঁ
গালে-মুখে আবিৰৰ লাজুকী পৰশ
মুক হৈ দুয়ো গোপনে উপভোগ কৰোঁ...
তুমিচোন জানাই
মৌনতা মোৰ অতিকৈ প্ৰিয় সংলাপ 
মৌন মৃদুল উষ্মাত পলে পলে মশৃণ হয় 
দুটি সপোনৰ মিলনমুখী স্বৰ্ণিল বাট!


• শংখ, মৃদংগ, পাখোৱাজ, দুন্দুভি আৰু ঢোল এই পাঁচোটাক একেলগে পঞ্চশব্দ বোলে।


লেখকৰ ঠিকনা-
ভাৰতীয় জীৱন বীমা নিগম
 কৰিমগঞ্জ শাখা কাৰ্যালয়
        কৰিমগঞ্জ : অসম
           পিন-৭৮৮৭১০
ভ্ৰাম্যভাষ-৯৪৩৫১৬৮৩৭৮