তুলিকা বৈশ্য দাস
হে আকাশ ,
মোৰ মন আকাশৰ নীলিম তুমি
মন শীতলাই তোলা এটি মধুৰ হাঁহি
মেঘৰ আঁৰে আঁৰে নিতে লুকা-ভাকু খেলি
মোৰ সʼতে কৰা ধেমালি ।
চিক্ মিক্ বিজুলীৰ সʼতে
থাকে তোমাৰ গাজনি-ঢেৰেকনি
আছে নে অৱয়ব তোমাৰ
জানো মাথো সুবিশাল তুমি
তোমাৰ অবিহনে নাথাকিব
জোন-তৰা-বেলি
মহাশূন্যতাই বিৰাজ কৰিব
পৃথিৱী অন্ধকাৰ হʼব ।
হে আকাশ...মহাকাশ তুমি...
নকওঁ কাহানিও তোমাক মহাশূন্য বুলি
সৌৰজগতকে ধৰি তোমাতেই আছে
আৰু যে ক'ত কি !
ঈশ্বৰৰ এক বিশেষ সৃষ্টি তুমি
বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী
তোমাকেই পাতিছে নেকি !!
নীলাময় ৰূপে সদায় নাপাওঁ তোমাক আমি
ই নহয় সম্ভৱ, সুখ-দুখ যে লগৰীয়া আমাৰ
কলীয়া ডাৱৰ হৈ ঢালিলেও ঢালিবা
তিতি-বুৰি থাকিম, শিলাবৃষ্টি পাৰিলে নহʼবা
বৰষা হৈ নামিবা, এই ধৰাৰ বুকুলৈ
তথাপি হে আকাশ...থাকিবা আমাৰ সʼতে
জীৱনৰ চিৰ লগৰীয়া হৈ
মন শীতলাই তোলা
এটি মধুৰ হাঁহি হৈ...
লেখিকাৰ ঠিকনা-
সোণাপুৰ , গুৱাহাটী