Type Here to Get Search Results !

লিমাৰিক

খগেন বৰা


(১)

মোৰ জীৱনৰ মূল লক্ষ্য হ'ল টেট্‌ ,

গাঁৱত থাকোঁ ,নাথাকে ইণ্টাৰনেট্‌ ।

জ্ঞান লাভত মগন

লক্ষ্য নহ'লে পূৰণ ,

দিব নোৱাৰিম সোণৰ গহনাৰ চেট্‌ ।।

(২)

মৰ্ণিং ওৱাক কৰিবলৈ লাজেই লাগে ,

গাঁৱলীয়া ভূত বুলি ভাবি লয় চাগে ৷

কবিৰাজৰ সমাবেশ 

শত-সহস্ৰ উপদেশ ,

জিমলৈ গ'লে মনত স্মাৰ্ট ভাৱ জাগে ।।