Type Here to Get Search Results !

কলগছঃ গ্ৰাম্য অৰ্থনীতিৰ এক আধাৰ

 ৰঞ্জিত চুতীয়া


       ডাকৰ বাণী -
                          "তিনিশ ষাঠি জোপা ৰুবা কল,
                           মাহেকে পষেকে চিকুণাবা তল।
                          পাত পচলা লাভত খাবা,
                          লংকাৰ বণিজ ঘৰতে পাবা।"
                কলগছৰ বৈজ্ঞানিক নাম হ'ল  Musa আৰু ইয়াৰ গোত্ৰ হ'ল  Musaceae । Musa acuminata, Musa balbisiana এই দুটা মূল প্ৰজাতিৰ ঠাল-ঠেঙুলিয়েই হ'ল আজিৰ দিনত উপলব্ধ অধিকাংশ গুটিবিহীন কল।
                   বুৰঞ্জীত খৃষ্টজন্ম ৫০০ বছৰ আগৰ পৰা মানৱ সভ্যতাত কলগছৰ প্ৰচলন আছিল বুলি জনা যায়। কলগছৰ প্ৰাথমিক উৎপত্তি স্থল আছিল দক্ষিণ এছিয়া আৰু অষ্ট্ৰেলিয়া। বৰ্তমান বিশ্বৰ ১৩৫ খনতকৈয়ো অধিক দেশত বিভিন্ন প্ৰজাতিৰ কলগছ পোৱা যায়। ভাৰত আৰু চীন দেশ হ'ল বিশ্বৰ সৰ্বাধিক কলৰ উৎপাদনকৰ্তা। সমগ্ৰ বিশ্বজুৰি কলৰ চাহিদ আছে। কলগছ আৰু কলৰ লগত পৰিচয়বিহীন কোনো লোক নাই। অতীজৰ পৰা কলগছ আমৰ জাতীয় জীৱনৰ অপৰিহাৰ্য অংগ হৈ আহিছে। অসমীয়া সমাজৰ যাৱতীয় মাংগলিক কৰ্ম, যেনে- বিয়া, সবাহ, পূজা, সভা-সমিতি আদি সকলো কামতে কলগছৰ প্ৰয়োগ আমি দেখি আহিছো। কলপাতৰ আগ অংশটোৰ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ। শৰাই সজাওঁতে আগলি কলপাত নহ'লেই নহয়। তদুপৰি কলপাতত মাহ-প্ৰসাদ, ভোজ-ভাত আদি খোৱাৰ উপৰিও বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। কলগছৰ প্ৰতিটো অংশই মানৱ হিতাৰ্থে ব্যৱহৃত হৈ আহিছে। কলগছৰ শিপা আৰু কলৰ বাকলিৰ পৰা খাৰ প্ৰস্তুত কৰা হয়। কলগছৰ গাৰ পৰা আঁহ প্ৰস্তুত কৰি ৰচি, বেগ আদি তৈয়াৰ কৰা হয়। বানপানীৰ সময়ত অথবা জান-জুৰি আদি কলগছৰ ভুৰত উঠি ইপাৰ-সিপাৰ হ'ব পাৰি। কলগছৰ সকলো অংশই আমৰ বাবে উপকাৰী বুলি ইতিমধ্যেই উল্লেখ কৰা হৈছে। কলগছৰ কলডিল বা কলফুল আৰু গা-গছজোপাৰ মাজৰ অংশ, যাক পচলা বোলা হয়, আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী।
                  আমি কল পকিলে ফল হিচাপে খাওঁ। কলত কিছু ভোজ্য আঁহ আৰু কেইবাবিধো এন্টিঅক্সিডেন্ট থকা বাবে ই শৰীৰৰ বাবে অতি উপকাৰী। উল্লেখযোগ্য যে কলত চৰ্বিৰ পৰিমাণ নগণ্য। তদুপৰি কেঁচা কল বা কাচকল পাচলি হিচাপে খালে বহুত উপকাৰ পোৱা যায়। পকা কলত থকা সকলোবোৰ উপাদানেই কাচকলত পোৱা যায়। কাচকল অঙঠাত পুৰি পিটিকা কৰি খালে উশাহ-নিশাহ লোৱা সমস্যাৰ পৰা উপশম পাব পাৰি বুলি জনা যায়। কাচকলৰ বাকলি শুকুৱাই পুৰি খাৰ তৈয়াৰ কৰাৰ কথা সৰ্বজন বিদিত। তামোল পাণৰ দৰে কলাখাৰৰ সৈতে অসমীয়া জনজীৱনৰ এক নিবিড় সম্পৰ্ক অতীজৰ পৰা চলি আহিছে। ৰঙালী বিহুৰ সময়ত ১০১ বিধ শাকৰ উপৰিও তিতা, টেঙা আৰু খাৰ খোৱাটো অসমীয়া সমাজৰ এটা পৰম্পৰা হিচাপে চলি আহিছে। কলাখাৰৰ গুণ হ'ল - ৰক্তচাপ নিয়ন্ত্ৰণ কৰা, হজম শক্তি বৃদ্ধিকাৰক, কৌষ্ঠকাঠিন্য আঁতৰ কৰা, পেটৰ এচিডিটি কমোৱা আদি। উল্লেখনীয় যে কলাখাৰৰ ব্যৱহাৰৰ বাবেই অসমীয়াই 'খাৰ খোৱা' জাতিৰ নাম পালে।
                   আমি সকলোৱে জানো যে এচিয়াৰ ভিতৰত সৰ্ববৃহৎ কলৰ বজাৰখন অসমৰ গোৱালপাৰা জিলাৰ দৰংগিৰি নামৰ সৰু চহৰখনত অৱস্থিত - য'ৰ পৰা গড়ে দৈনিক ৫০ ট্ৰাক কলৰ থোক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি ভাৰতৰ বিভিন্ন অঞ্চললৈ ৰপ্তানি হয়। ঘৰৰ কাষত দ' ঠাই পুতিবলৈ হ'লে কাষত কলগছ ৰুলে ক্ৰমে দ' ঠাই বাম হৈ আহে। গ্ৰামাঞ্চলত কলগছৰ শুকান পাতেৰে বেৰ দি গা-ধোৱা ঘৰ, আঁৰ বেৰ আদি দিয়া হয়।
                    কলগছ সকলো শুভ কামতেই লাগে। অসমীয়া সমাজ জীৱনৰ সৈতে কলগছৰ সম্পৰ্ক প্ৰতিটো খোজতেই আছে। গ্ৰাম্য অৰ্থনীতিৰ এক আধাৰ হ'ব পাৰে কলখেতি। বহু খেতিয়কে কলখেতি কৰি নিজেই স্বাৱলম্বী হোৱাৰ লগতে ১০ জনকো সংস্থাপন দিছে। বজাৰত কলৰ মূল্য প্ৰতিদিনে বৃদ্ধি পাই আহিছে। কিয়নো নৈবদ্য আৰু খাদ্য হিচাপেও কল ব্যৱহৃত হয়। ভাৰতত বছৰি প্ৰায় ১৪°২ নিযুত টন কল উৎপাদন হয়। মহাৰাষ্ট্ৰ কল উৎপাদনৰ বাবে বিখ্যাত। তাৰ এখন চহৰ নাম জলগাওঁ। সেই চহৰখনৰ সমীপৱৰ্তী চৌদিশে কেৱল কলখেতি। সেই কাৰণে জলগাওঁ কলৰ চহৰ হিচাপে জনাজাত।
                   সু- খবৰ যে কলখেতি কৰিবলৈ আমাৰ ৰাজ্যত খেতিয়কসকলৰ মাজত আগ্ৰহ বাঢ়িছে। বৰ্তমান কলডিলৰো ভাল বজাৰ। কিছু হোটেলত খাদ্য খাবলৈ কলপাতত দিয়ে। কলপাতত খাদ্য খালে ভাল বুলি জনা যায়। সেয়ে কলপাতৰো এখন বৃহৎ বজাৰ গঢ়ি উঠিছে। বোকাখাতেৰে পাৰ হৈ গ'লে তাৰ হোটেলত কলপাতত দিয়া পুৰি-চবজী খোৱা আমেজেই সুকীয়া। অসমীয়া মানুহে কলপাতত মাছ পাতত দি খোৱা সোৱাদেই বেলেগ।
                  আমাৰ শিক্ষিত নিবনুৱা সকলে ভীমকলৰ পৰা উৎকৃষ্ট শিশুখাদ্য লগতে অসমীয়াৰ প্ৰিয় খাৰক উদ্যোগমুখী কৰি উপাৰ্জনৰ পথ মুকলি কৰিব পাৰে। তদুপৰি কলগছ ৰোপণ কৰি বানপানীত ভুৰখন সাজিবলৈ নাইবা জীৱ জন্তুৰ খাদ্য সংকটো দূৰ কৰিব পাৰি। মানুহৰ জীৱনত কলগছৰ প্ৰভাৱ তাহানিৰ পৰা বৰ্তমানলৈকে বিৰাজমান। আদিমসকলৰ পৰা বৰ্তমান আধুনিক যুগলৈকে কলগছৰ প্ৰভাৱ অপৰিহাৰ্য। সেয়ে আহক, আমি কলগছ ৰোপণ কৰি প্ৰকৃতিক সংৰক্ষণ কৰা লগতে আমাৰ অৰ্থনৈতিক ভেটিয়ো টনকিয়াল কৰোঁ।

                                      লেখকৰ ঠিকনা-
                                      ৰজাধাপ সোণাৰি
                                      ডাকঃ-সোণাৰি
                                     জিলাঃ- চৰাইদেউ
                                      পিন ৭৮৫৬৯০
                                     মোবাইল নং-৬০০০৫৭১৪৫২