গীতাঞ্জলি দেৱী
অধিকাৰৰ স্বৰ্ত দাখিল কৰোঁতে-কৰোঁতে মুঠিবোৰ সুলকি থাকিল ,
মনৰ ঠিকনা বিচাৰি হাবাথুৰি খোৱাৰ পৰত চিনাকিজনো অচিনাকি হ'ল ।
গছৰ খোৰোঙত আজিও কিন্তু
পাতে সুহুৰিয়াই দিয়ে জাগ্ৰত সংকেত ,
সেইবাটেৰেই নামি আহে যেতিয়া অশনি যেন লগা নেজাল তৰা
যি নিজেই ধুই লয় পাপ আৰু পূণ্য ।
ৰ'দ আৰু বতাহ আজিও পাহাৰৰ পৰা ভৈয়ামলৈকে বয় ।
জাগল নাহিলে নৈয়েতো গতি নসলায় ।
কেৱল সলনি হয় জীৱন আৰু যাব খোজা পথবোৰ ।
সন্ধিৰ বাঁহ বুধিৰে কটাৰ কথা তেতিয়াও আছিল ,
যি সত্য , তাহানি তাক স্বীকাৰ কৰিবলৈ গুণা-গঁথাৰ প্ৰয়োজন কিন্তু নাছিল ।