Type Here to Get Search Results !

বসন্তই আনে কৃষিৰ বতৰা

 প্ৰগতি গগৈ চাংমাই, নাজিৰা



কুমলীয়া কুঁহিপাতৰ কৰণি
কুলিৰ আকুল বিননি,
বসন্তই কৰিলে প্ৰকৃতি শুৱনি
দেহ-মন উতলা কৰি।

বসন্তৰ বৰষুণে ধোৱাই নিলে প্ৰকৃতি
দিলেহি কৃষিৰ জাননী,
পথাৰ পৰিল পানীৰে উপচি 
শস্যৰ বীজ সিঁচিবলৈ এধানি এধানি। 

ন বাৰিষাৰ ন পানীত
উৰ্বৰা কৃষিভূমি
শইচ সোণোৱালী
চহকী কৰিব কৃষকৰ ভঁৰালটি।

 বহাগ আহে, উছাহ বাঢ়ে
হিয়াৰ বতৰা কঢ়িয়াই আনে,
পাহুৱাল ডেকাটিয়ে হাল যুৰে
মনৰ হেঁপাহত সুহুৰি সৰে।


লেখিকাৰ ঠিকনা-
নাজিৰা