সবিতা বৰুৱা
হৃদয়ত পোত যায়
জীৱনৰ হালধীয়া পৃষ্ঠাবোৰ
মৰা শামুকৰ খোলাত
বন্দী হৈ ৰ'ল
শেলোৱৈ সেউজীয়া
........
এতিয়া তুমি
আন্ধাৰ কোঠাৰ খিৰিকীৰে
চোতালৰ জোনাকী,
চোৱা বা নোচোৱা ,
হাঁহা বা নাহাঁহা...
গাঁওখন এতিয়া শিমলু তুলা
হৈ উৰি গ'ল !
কুলি, কেতেকীৰ দৰে
মাতবোৰ ....
ঢোঁৰা -কাউৰী হৈ ৰ'ল !