Type Here to Get Search Results !

অৱসৰী শিক্ষকৰ এখিলা দস্তাবেজ (প্ৰথম খণ্ড)

 অৰুণা চেতিয়া খাটনিয়াৰ


নিতৌ ন ন অভিজ্ঞতাৰে পুষ্ট জীৱন পৰিক্ৰমা। গতিশীল সময়ৰ নতুন নতুন সোৱাদ ল'বলৈ, জানিবলৈ মন নোযোৱা নহয়, নিশ্চয় যায়। সন্মানীয় সতীৰ্থ সকলৰ স'তে একেলগে চাম, উপভোগ কৰিম আৰু আনন্দৰ আমোদজনক কথোপকথন, নিখুঁত ভাৱে।
অৱসৰ গ্ৰহণ কৰিছোঁ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকতাৰ পৰা বয়স বাঢ়ি অহাৰ বাবে হে। তথাপিও কিবা চোৱাৰ, জনাৰ হেঁপাহ বোৰে দেখুন মন নভৰে। জীৱনৰ বহু কিবা যেন থাকি গৈছে ল'বলৈ, চাবলৈ, পাবলৈ।
এটা সময়ত ঘৰৰ ডাঙৰ বোৱাৰী হিচাপে এৰাব নোৱাৰা শিকলিৰে বন্ধা দ্বায়িত্ব। শিক্ষকতাৰ মাজেৰে দেৱৰ, ননন্দৰ স'তে সমূহ পৰিয়ালৰ মৰমৰ দাবী পালন।কম উপাৰ্জনৰ সাধাৰণ পৰিয়াল। অভাৱে অতন্দ্ৰ প্ৰহৰী হৈ প্ৰতিটো কামতে লগ দিলেও,শহুৰ দেউতাৰ মনোবলৰ বাণী-" হৈ যাব  ঈশ্বৰে কৰাত , চিন্তা নকৰিবা ।" আশ্বাস আৰু সদ্দিচ্ছাৰে সদায় বাধ্য বাধকতাৰে যিমান পাৰি ত্ৰুটিহীন ভাৱে কৰি যোৱাৰ চেষ্টাৰে কৰি পৰিসমাপ্তি।
লগত সদায়েই থাকে শিক্ষকতাৰ গুৰু দ্বায়িত্ব। নিষ্ঠাৰে পালন কৰি যাবলৈ কৰা অকৃত্ৰিম প্ৰচেষ্টা।সময় বাগৰি গ'ল। ভাল, বেয়া,কৃতকাৰ্য, অকৃতকাৰ্যতাৰে বাস্তৱৰ অনেক খতিয়ান।গুৰু- শিষ্যৰ আন্তৰিকতা, মানসিক প্ৰশান্তি।
পাৰ হ'ল জীৱনৰ চকৰী ঘূৰাৰ সমানে সমানে দ্বায়িত্ব আৰু কৰ্তব্যৰ ষাঠীটা বছৰ। অতি সুন্দৰ,এয়াও তেনেই বাস্তৱ। বহুত কল্পনাই কৰা হয়।আশাও থাকে সমূহৰ বাবে কিবা কৰাৰ। যদিহে বয়সে সময় দিয়ে, ৰোগ ব্যাধিয়ে যদিহে ধৈৰ্য দিয়ে, কৰিব লগীয়া বহু কামেই তো পৰি আছে। চেষ্টা কৰি যোৱাৰ সিদ্ধান্তৰে মানসিক প্ৰস্তুতি।
সুখ,দুখ মানুহৰ জীৱনৰ লগৰীয়া, এইবোৰ জনা কথা। তথাপিও কেতিয়াবা হথাতে মনত বহুত দুখ লাগে। ইয়াৰ কাৰক ও বহুত থাকে। সেইবোৰ বাৰু থাকক। সান্ত্বনা দিয়া হয় নিজকে। বেচি দুখ পাবলৈ যিহেতু আমি(মানুহে) নিবিচাৰোঁ,তেতিয়াহ'লে বেচি সুখ পাবলৈ নো বাৰু কিয় বিচাৰোঁ? অলপ সুখতে সুখী হ'ব পাৰিলেহে বেচি সুখৰ অনুভৱ ও কৰিব পাৰে। নহ'লে অধিক সুখ পাবলৈ বিচৰাতো ৰহস্যৰ বাহিৰে আন একোৱেই হ'ব নোৱাৰে।।
জীৱন হৈছে বোৱতী নদী,বৈ যায় মাথোঁ পুণৰ উভতি নোচোৱাৰ প্ৰতিশ্ৰুতিৰে। এইটো ও জানো যে মৃত্যু মানুহৰ বাবে চৰম সত্য। তথাপিও মানুহে জীৱন কালত আশা কৰে, আশাবাদী হয়। কাৰণ আশা থাকিলেহে কৰ্মত মনোনিবেশ কৰি জীৱনক জীয়াই ৰাখিব পাৰিব। নহ'লে জীয়াই থাকিও মৃত্যু হোৱাৰ দৰেই হ'ব। একো পাৰ্থক্য নাথাকে।
স্বামীৰ আকস্মিক মৃত্যু। নিজৰ চাকৰীৰ পৰাও অৱসৰ হোৱাৰ পাছত মনৰ মাজত অহৰ্নিশে লিখা- পঢ়াৰ প্ৰতি উকমুকাই থকা মনটোক স্থিত লগাবলৈ এই সময়ে মোক হাতত কলম টো তুলি লিখি যাবলৈ অধিক বাধ্য কৰি তুলিছে।
ভাবিছোঁ, কোনো মানুহেই অতি বেচিকৈ সুখী হৈ থাকিব নোৱাৰে।সুখী হ'ব পৰা বাট এটা চিনি লৈ যদি অলপ অলপকৈ গৈ থাকিব পাৰে, তাতেই হে তেতিয়া মহাসুখ লাভ কৰিবলৈ সক্ষম হ'ব পাৰে।মাজে মাজে এনেবোৰ কথা ও মনলৈ আহে,যিয়ে নেকি সুখী মন এটা গঢ় দিব খোজে।
ড' মামণি ৰয়ছম গোস্বামী বাইদেউৰ লেখাবোৰ পঢ়ি এনে লাগে,যেন তেওঁৰ মানুহক ভাল পোৱা বুকুৰ প্ৰেমৰ সুবাস মোৰ বুকুত ও আহি থিতাপি ল'বলৈ ধৰিছে।
আগলৈ --

লেখিকাৰ ঠিকনা-
গড়গাঁও শিৱসাগৰ জিলা।
ফোন ৯৮৫৪৬৬৯৬২৬