Type Here to Get Search Results !

ৰঙালী বিহু অসমীয়াৰ হৃদয় স্পন্দন

 ৰঞ্জিত চুতীয়া



                    সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱে কৈছিল ---
               "ব'হাগ মাথোঁ এটি ঋতু নহয়
               নহয় ব'হাগ এটি মাহ,
               অসমীয়া জাতিৰ ই আয়ুস ৰেখা
               গণ জীৱনৰ ই সাহ ……………… "
                  সঁচাকৈয়ে ব'হাগ কেৱল মাথোঁ এটি মাহ বা ঋতুৱেই নহয়, ই অসমীয়া জাতিৰ আয়ুস ৰেখা। এই ব'হাগতেই অসমীয়া জাতিয়ে অসমৰ শদিয়াৰ পৰা দক্ষিন শালমাৰা-মানকাচৰ (ধুবুৰী) লৈ উলহ-মালহেৰে ৰঙালী বিহু পাতি জাতি-বৰ্ণ-ধৰ্ম-ভাষা-সম্প্ৰদায় নিৰ্বিশেষে ৰঙালীৰ উছাহত উটি-ভাহি ইজনে সিজনক মৰম-চেনেহ, শ্ৰদ্ধা-ভক্তি প্ৰদান কৰি আনন্দ উপভোগ কৰে।
                      অসমীয়া বাপতি সাহোন ৰঙালী বিহুৰ ঐতিহ্য আৰু পৰম্পৰা অতিকৈ প্ৰাচীন। ইয়াৰ উৎপত্তি ক'ত, কেতিয়া আৰু কেনেকৈ হৈছিল -- এই ক্ষেত্ৰত মতান্তৰ আছে, যদিও এটা কথা ঠিক যে, বিহু মূলতঃ কৃষিভিত্তিক উৎসৱ। চহা জীৱনৰ সৈতে নিবিড় সম্পৰ্ক থকা এটি জনপ্ৰিয় উৎসৱ। অতীতৰে পৰা অসমখন মূলতঃ কৃষিজীৱী মানুহৰ বাসস্থান ৰূপে পৰিগণিত হৈ আহিছে। অসমৰ উৰ্বৰা মাটি আৰু কৃষিৰ বাবে অনুকূল জলবায়ুৱে কৃষিকৰ্মৰ বাবে অতিকৈ উপযোগী কৰি তুলিছে। সেয়ে অসমীয়া জাতিৰ তিনিওটি বিহুৱেই কৃষিৰ লগত সম্বন্ধ আছে। বসন্ত কালত কৃষিৰ প্ৰস্তুতিৰ প্ৰাক্ ক্ষণত উদ্ যাপন কৰা হয় ব'হাগ বিহু বা ৰঙালী বিহু, কৃষিকৰ্মৰ সামৰাৰ সময়ত উদ্ যাপন কৰা হয় কাতি বিহু বা কঙালী বিহু আৰু খেতি চপাই উঠি পালন কৰা হয় মাঘ বিহু বা ভোগালী বিহু। সেয়ে বিহু চহা জীৱনৰ সৈতে ওতঃপ্ৰোত সম্পৰ্ক।
                    বিহুৰ আৰম্ভণিৰ কোনো নিৰ্ভৰযোগ্য ইতিহাস পাবলৈ নাই যদিও অসমৰ অতি প্ৰাচীন জনগোষ্ঠী আছিল অষ্ট্ৰিক আৰু মংগোলিয় জনগোষ্ঠীৰ লোকসকল। নৃতাত্ত্বিকভাৱে বিশ্লেষণ কৰিলে দেখা যায় যে, এই দুয়োটা আদিম জনগোষ্ঠীৰে প্ৰধান কৰ্ম আছি কৃষি। অসমৰ নাতিশীতোষ্ণ জলবায়ু আৰু সাৰুৱা মাটিত তেওঁলোকে খেতি কৰিবলৈ আৰম্ভ কৰিলে। শীতৰ শেষত বসন্তৰ আগমনে ঠেৰেঙা লগা জাৰত মৰহি যাব ধৰা প্ৰকৃতিৰ বুকুলৈ নতুন প্ৰাণৰ সঞ্চাৰ হয়। গছে-বনে কুঁহিপাত মেলে। মদাৰ, শিমলু, নাহৰ, তগৰ,কপৌ ফুলে, আমে মলিয়ায় আৰু কঠালেও মুচি পেলায়। প্ৰকৃতিয়ে ন' সাজ পিন্ধে। কুলি-কেতেকীৰ মাতে ডেকা-গাভৰুৰ মন-প্ৰাণ বিয়াকুল কৰি তোলে। বসন্তৰ পৰশত অসমীয়াৰ হৃদয়ত উদ্দীপিত হয় নতুন আশা, নতুন উদ্দীপনা আৰু নতুন কল্পনা। পণ্ডিত প্ৰৱৰ সত্যেন্দ্ৰনাথ শৰ্মাদেৱে কৈছিল, "ব'হাগ বিহু বসন্ত উৎসৱৰেই এটি অসমীয়া অভিব্যক্তি। বসন্তৰ আগমনৰ লগে লগে প্ৰকৃতিয়ে যৌৱনৰ শোভা ধাৰণ কৰে। মলয়াৰ মৃদু বায়ু, কোকিলৰ কুঁজন, পাদৰ্পলতাৰ শ্যামল শোভা, বাৰিষাৰ আগমন সূচক মেঘৰ গুৰু গম্ভীৰ ধ্বনিয়ে প্ৰকৃতি জগতত মাদকতা সৃষ্টি কৰে, প্ৰকৃতি শস্য সম্ভৱা হয়। কৃষিজীৱী মানুহেও প্ৰকৃতিৰ লগত সংগতি ৰাখি ঋতু উৎসৱ পালন কৰি নৃত্য গীতেৰে নতুন বছৰক ওলগনি জনায়।…………বৰষুণৰ সংস্পৰ্শত পৃথিৱী শস্য সম্ভৱা হয়। এই প্ৰকৃতিগত বাস্তৱ সত্যই পথাৰ বা বিহুতলি ডেকা-গাভৰুৰ নৃত্য-গীতৰ জৰিয়তে প্ৰতীকৰ ৰূপ লয়। উদং পথাৰৰ বুকুত ডেকা-গাভৰুৱে যৌৱনৰ নাচ নাচে, সৃষ্টিৰ অংকুৰ সিঁচে।"
                    ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত আহোম ৰাজত্বৰ সোণসেৰীয়া ছয়শ বছৰীয়া গৌৰৱ ৰবি লাহে লাহে অস্তমিত হয়। বৃটিছ আগ্ৰাসনৰ লগে লগে পশ্চিমীয়া সংস্কৃতিৰ প্ৰব্ৰজন ঘটিল। অসমৰ থলুৱা সংস্কৃতিৰ ওপৰত পশ্চিমীয়া প্ৰভাৱ আৰম্ভ হ'ল। পশ্চিমীয়া ঠাঁচত মঞ্চ ব্যৱহাৰ কৰি কৃষ্টিৰ প্ৰদৰ্শন আৰম্ভ হ'ল। ১৯৪১ চনত প্ৰয়াত মহেশ্বৰ নেওগৰ দৰে কিছু উদীয়মান যুৱকে শিৱসাগৰত বিহুক মঞ্চলৈ আদৰি আনে। ইয়াৰ পিছত ১৯৫১ চনত ৰাধাগোবিন্দ বৰুৱাৰ নেতৃত্বত গুৱাহাটীৰ লতাশিল খেল পথাৰত অসমীয়াৰ বাপতি সাহোন গছতলৰ ৰঙালী বিহুটি মঞ্চত পৰিৱেশিত হ'ল। পুৰুষোত্তম দাসৰ দৰে মহান অসমীয়াই মঞ্চ বিহুৰ উদ্বোধনী গীত ৰচিলে --
              "শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে
               উছৱৰ মধু আলোড়ন।"
              …………………………………
লাহে লাহে সমগ্ৰ অসমতেই মঞ্চত বিহু প্ৰদৰ্শন আৰম্ভ হ'ল।
                  বিহু অসমীয়া সংস্কৃতিৰ মেৰুদণ্ড স্বৰূপ। অসমীয়াৰ হৃদয়ৰ স্পন্দন ৰঙালী বিহুৰ মাজত নিহিত হৈ আছে অসমৰ পৰম্পৰাগত লোকাচাৰ, নৃত্য-গীতৰ পয়োভৰ, জাতীয় ঐক্য-সংহতি, তথা মানৱীয় চিন্তাধাৰা পুষ্ট জীৱনীশক্তিৰ অমোঘ মহামন্ত্ৰ। সময় গতিশীল। সমাজ-সংস্কৃতিৰ গতিও পৰিৱৰ্তনশীল। বোঁৱতী নদীয়ে যেনেকৈ গৰা খহায়, সুঁতি সলায়, তেনেদৰে আমাৰ বিহুটিও ইয়াৰ ব্যতিক্ৰম নহয়। আমাৰ ৰঙালী বিহুটিও আধুনিকতাৰ অস্ত্ৰোপচাৰত শৰ্যাশায়ী হৈ কক্ বকাই থাকিলেও তাৰ মাজতে ই নিজৰ মৰ্যাদা, আৱেগ-অনুভূতি তথা পৰম্পৰা আদিৰ ক্ষেত্ৰত সংস্কাৰিত হৈ নতুন ৰূপত আত্মপ্ৰকাশ কৰি আছে। আধুনিকতাৰ কোবাল সোঁতৰ মাজতো আমাৰ বাপতি সাহোন ৰঙালী বিহুটিৰ ঐতিহ্য আৰু পৰম্পৰা ধৰি ৰাখিবলৈ যত্ন কৰিব লাগিব। অন্যথা বিৱৰ্তনৰ সোঁতত বিহুৱে নিজৰ অস্তিত্ব হেৰুৱাই পেলাব। গতিকে গছৰ তলতেই হওক অথবা মুকলি মঞ্চতেই হওক, আমি আমাৰ হিয়াৰ আমঠু অতিকৈ চেনেহৰ ৰঙালী বিহুটিক প্ৰত্যেকজন অসমীয়াৰ হৃদয়ত জীয়াই ৰাখিব লাগিব। কিয়নো -----
                "বিহুটি আদৰৰ বিহুটি সাদৰৰ
                 বিহুটি অসমৰ প্ৰাণ,
                 এনুৱা বিহুটি এৰিব লাগিলে
                 নাথাকে অসমৰ মান। "