Type Here to Get Search Results !

ঋতুৰাজ বসন্ত ই কঢ়িয়াই আনে অনেক ফুলৰ সুবাস

  সবিতা বৰুৱা ফুকন


"ডাৱৰৰ আঁৰে আঁৰে
ঢোলৰ চাপৰ পৰে,
গছে বনে বিহুগীত গায়..."

   বসন্ত কাল মানেই ফুল ফুলাৰ বতৰ। ফাগুনৰ পছোৱাই আঁচলত বান্ধি আনে বসন্তৰ আগমনৰ বতৰা । পলাশ, মদাৰৰ ৰঙীন আভাই ৰঙাই তোলা মনবোৰক নাহৰ, তগৰৰ সুবাসে মতলীয়া কৰি তোলে  । বসন্তৰ বৰণীয়া ফুলাম প্ৰকৃতিয়ে নিশব্দে কৈ যায় ব'হাগ অহাৰ বাতৰি  ।
 বিহু বুলিলে গা সাতখন -আঠখন নকৰা অসমীয়া নাই বুলিলে ও  হয়  । ভেবেলি লতা ফুলাৰ বতৰ পালেহি গাত বিহুৰো দেওধনী উঠে, উজুটিত যঁতৰ ভাঙি গাভৰু গৈ  ফুলপানী ছিগা পায়গৈ ।  অতি চেনেহৰ  ব'হাগৰ বিহুটো অসমীয়াৰ মনৰ, প্ৰাণৰ, হেঁপাহৰ আৰু আদৰৰ উৎসৱ ।ব'হাগ বিহু অসমৰ জাতীয় লোক সংস্কৃতিৰ ভঁৰাল স্বৰূপ । বিহুৱেই অসমীয়া জাতিৰ সংস্কৃতিৰ আৰু সভ্যতাৰ বৰ মজিয়াখন এদনীয়া ভাৱে দখল কৰি আছে  । ইয়াৰ মাজতেই অসমীয়া জাতিৰ অস্তিত্ব জড়িত হৈ আছে । ঋতুৰাজ বসন্ত ঋতুত উদযাপিত হোৱা এই ব'হাগ বিহুতেই প্ৰকৃতিৰ বুকুত নৱ জীৱন আৰু যৌৱনৰ লহৰ উঠে  । পল্লৱিত হয় প্ৰকৃতি, উদ্ভিদ জগত আৰু প্ৰাণী জগত  । সেউজ কোমল কুঁহিপাতে গছ -লতিকা সুশোভিত কৰি তোলে ।গছ ভৰি ভৰি ফুলা অনেক ফুলৰ সমাহাৰত চৌদিশ হৈ পৰে অপূৰ্ব সুন্দৰ  ।কপৌ, কেতেকী, তগৰ, ভাটৌ, যুতি, মালতী, চম্পা, সেউতী আৰু খৰিকাজাঁই আদিৰ দৰে বিভিন্ন ফুলে ৰঙৰ পোহাৰ মেলে । অশোক, নাগেশ্বৰ, শিৰিষ, পলাশ, কৃষ্ণচূড়া আদি ফুলে জকমকাই তোলে আকাশ । সুবাসত আমোল মোলাই চৌদিশ  ।

সেয়ে বিহ গীতত গোৱা হৈছে এনেদৰে.....

দেহি ঐ নাহৰ ফুল
ফুলিবৰ বতৰ
ফুলপানী ছিগাতে
ঢোলৰ মাত। শুনি
গচকত ভাঙি যাওঁ যতৰ।

...................

বাৰীৰ মাজে মাজে
গোলাপ ফুল ফুলিলে
তিতা ফুল ফুলিলে ঢাপত,
তোমাৰে   আমাৰে
যোৰা  নাপাতিলে
কোন জনমৰ পাপত  ।

ব'হাগৰ বতৰত ফুলা নাহৰ এবিধ সুগন্ধি ফুলৰ গছ । মন্দিৰৰ চূড়া সদৃশ এই গছ অসমৰ প্ৰত্যেকৰে চিনাকি । ঠিক সেইদৰে বসন্ত কালৰ আন এবিধ সুগন্ধি ফুল তগৰ  যাৰ অৰ্থ ই হৈছে দুগন্ধ নাশ কৰা । বিহু গীতত গোৱা হৈছে এনেদৰে.....

ফুলিলে নাহৰ ফুল
ফুলিলে তগৰ ফুল,
ঐ ফুলিলে কেতেকীৰ পাহি,
এইবাৰ ব'হাগৰ বিহুটি আহিছে ঐ
মুখত লৈ মিচিকি হাঁহি।।


বিহুৰ বতৰৰ আন এবিধ অতি আকৰ্ষণীয় ফুল হ'ল কপৌফুল । পদূলি মূৰৰ তামোল কেইজোপাৰ লগতে অন্য গছৰ গাত কণ কণ বেঙুনীয়া বগা বুটা বচা পাহিৰে ওলমি থকা ফুলপাহ নাচনীৰ খোপালৈহে যেন সৃষ্টি হ'ল । বিহু গীতত কপৌফুলক লৈ এনেদৰে গোৱা হৈছে...

পাহাৰ বগাই বগাই
জান ঐ
কপৌফুল মই আনিছো
জান ঐ 
নল ওঁ  বুলি নকবা দেই  ।।

সেই দৰে বাৰীৰ ঢাপ আৰু হাবিৰ মাজত দীঘল কাইঁটীয়া পাতেৰে ফুলা এবিধ উগ্ৰ সুগন্ধি ফুল হ'ল কেতেকী । কেতেকী ফুল বা গছ দেখা নাপালেও তাৰ সুবাস বহু দূৰ বিয়পি পৰে ।  বসন্ত কালত ফুলা অন্য এবিধ সুগন্ধি ফুল হ'ল কাঞ্চন ফুল  । কাঞ্চন ফুল দুবিধ  । ৰঙা আৰু বগা । আন এবিধ বসন্তৰ সুগন্ধি কুসুম হ'ল খৰিকাজাঁই  ।
 ব'হাগৰ আকাশত জুই ফুলোৱা ফুলবিধ হ'ল কৃষ্ণচূড়া । কৃষ্ণচূড়া ৰঙা হালধীয়া মিশ্ৰিত ফুলৰ ডাঙৰ জোপোহা গছ  । বসন্ত কালত ফুলা অন্য এবিধ অতি আকৰ্ষণীয় ফুল হ'ল চম্পা  । ঠিক সেইদৰে বসন্ত অহাৰ বাতৰি দিয়া উজ্জ্বল বৰণৰ শিমলু, মদাৰ, পলাশ আদিয়ে আকাশ ৰঙাই তোলে  । পিৰালীৰ কাষতে বগা হালধীয়া,ডাঠ গুলপীয়া আদি ৰঙেৰে ফুলা গধূলি গোপাল ফুলৰো আছে এক মাজিত সৌন্দৰ্য আৰু মিঠা গোন্ধ  । ইয়াৰ স্নিগ্ধতাই ব'হাগৰ গধূলি মনবোৰ যেন পৱিত্ৰ কৰি তোলে   ।

ঋতুৰাজ বসন্ত ই কঢ়িয়াই আনে শীতত নঙঠা হৈ পৰা গছলৈ কুঁহিপাত  ।গছত কুঁহি পাত মেলিলেই মানুহৰ মনত  
জীৱন, যৌৱন,প্ৰেম,আশা,আকাংক্ষাইও পাহি মেলি উঠে । সেয়ে আমাৰ মনত নিভাজ অনুভৱ হয় , বসন্ত আশাৰ ঋতু, বসন্ত হেঁপাহৰ, বসন্ত প্ৰেমৰ ঋতু । বসন্তৰ পৰশত ব'হাগীৰ মন উন্মুক্ত হয় ।  চৌপাশে পাতি দিয়ে ফুলৰ মেলা । বতাহে কঢ়িয়াই আনে অনেক ফুলৰ সুগন্ধি বতৰা  ।