Type Here to Get Search Results !

কাব্য সংকলন--প্ৰাণৰ সেউজীয়া ৰং কবি-কল্পনা বুঢ়াগোহাঁই

 আলোকপাত- সুৰভি বৰ পাত্ৰ গোহাঁই


 

    কাব্যসংকলন "প্ৰাণৰ সেউজীয়া ৰং" কবি কল্পনা বুঢ়াগোহাঁই বাইদেউৰ এখনি সুন্দৰ কাব্যসংকলন।কাব্য সংকলন খন প্ৰাইম এন্টাৰপ্ৰাইজ প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে। ডি. টি. পি. অপূৰ্ব খনিকৰ। মূদ্ৰণ-প্ৰাইম এন্টাৰপ্ৰাইজ নাজিৰা। কাব্যসংকলনখন তেখেতৰ শ্ৰদ্ধাৰ শাহুআই শ্ৰীযুতা কুসুম চাংমাইৰ হাতত অৰ্পণ কৰিছে ।
    কাব্য সংকলনৰ কবি তথা সাংস্কৃতিক কৰ্মী নাজিৰা উচ্চতৰ বালিকা বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী কল্পনা বুঢ়া গোহাঁইৰ ঘৰ যোৰহাট জিলাৰ বৰহোলাত। বৈবাহিক সূত্ৰে তেখেত নাজিৰাৰ বোৱাৰী। তেখেত  এগৰাকী সুকবি, সাহিত্যিক হোৱাৰ উপৰিও দিহানাম, বিয়ানাম, জিকিৰ, বিহুগীত আদি পৰিবেশন কৰি বিভিন্ন অনুষ্ঠানৰ পৰা পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। কবি কন্ঠ, খৰিকাজাঁই, বিৰিণা, অংকুৰ, লক্ষিমী আদি তেখেতৰ দ্বাৰা ৰচিত আৰু সম্পাদিত পুথি । 
    কাব্য সংকলন খনত তিনিকুৰিৰো অধিক ভিন্ন স্বাদৰ কৰিতাৰে সমৃদ্ধ কৰিছে। উচ্চ ভাৱাপন্ন কবিতাবোৰে পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কাব্য সংকলন খনৰ প্ৰায়বোৰ কবিতাত সমাজ জীৱনৰ বিভিন্ন সময়ৰ বিভিন্ন প্ৰতিচ্ছবি প্ৰতিভাত হোৱা দেখা যায়। মননশীল কবিয়ে তেওঁৰ কবিতাপুথিখনত সন্নিবিষ্ট কবিতাবোৰত উপযুক্ত শব্দশৈলীৰে কবিতাৰ বিষয়বস্তু অতি সুন্দৰকৈ উপস্থাপন কৰিছে । কবিতাৰ ভাৱৰ গভীৰতা আৰু বিশালতাই পাঠকৰ মনত হিল্লোলৰ সৃষ্টি কৰিব পাৰিছে। সমাজমুখী চেতনা, প্ৰকৃতি প্ৰীতি, মাটিৰ গোন্ধ থকা কবিতাবোৰে অনন্য মাত্ৰা প্ৰদান কৰিছে। কাব্য সংকলন খনত সন্নিৱিষ্ট দুটামান কবিতা পাঠকৰ জ্ঞাতাৰ্থে তুলি দিয়া হ'ল । কাব্য সংকলন খনৰ "(মোৰ শিক্ষক দেউতা" পৃষ্ঠা নং ৭৩) কবিৰ দেউতাকৰ সোঁৱৰণত লিখা এটা সুন্দৰ কবিতা ।
"পৰিতৃপ্ত এটি মন/হৃদয় জুৰোৱা গান/উপচি আছিল হাঁহিৰ ছন্দেৰে /আকাশৰ দৰে উদাৰ/সাগৰৰ দৰে গভীৰ /সচাঁ মৰম আদৰবোৰ বিলাইছিল /ছাত্ৰ-ছাত্ৰী সহকৰ্মী সকলক /। জ্ঞানৰ পৰিধি ভাঙি /আজুৰি আনিছিল /কবিতাৰ মুকুতামণি। /হিম চেঁচা প্ৰচণ্ড শীত/গ্ৰীষ্মৰ প্ৰখৰ উত্তাপতো/থিয় হৈ থকাৰ সংকল্প তেওঁৰ /জোনাকৰ কোমলতাবোৰ বুকুত বান্ধি /জীৱন জুৰি ঘোষণা কৰিলে সুৰীয়া বাণী/তেওঁৱেই আছিল মোৰ শিক্ষক দেউতা/ভাগি নপৰা বটবৃক্ষ তেওঁ । দেউতাকৰ স্মৃতিৰ সুঁৱৰি লিখা কবিতাটোৱে শিক্ষক সমাজলৈ এটা ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে ।
  কাব্য সংকলন খনৰ আৰু এটা সুন্দৰ কবিতা (আহ্বান, পৃষ্ঠা নং ৭৯) কবিতাটোৰ যোগেদি এটা নতুন দিনৰ তথা নতুন বছৰৰ (ব'হাগ মাহ) আহ্বান জনাইছে বিনীত নিবেদনে । চ'তৰ শেষত  হিল দ'ল ভাঙি বৰদৈচিলাই মাকৰ ঘৰলৈ যায় । ফাগুনি মলয়াজাকে সিঁচৰত কৰা পলাশৰ ৰঙা ৰং সানি বৰদৈচিলাই মহতিয়াই যায় দুখীয়াৰ পঁজাঘৰ। বছৰৰ শেষত মানুহ, প্ৰকৃতি সকলোৰে দুখৰ কালিমা নাশ কৰি নতুন দিনৰ সূচনা কৰিবলৈ আকুল আহ্বান জনাইছে কাব্যিক অনুভৱৰ মাজেৰে । সেইকথা কবিতাৰ ভিতৰ চ'ৰালৈ গ'লেই আমি উপলব্ধি কৰিব পাৰোঁ। 
  "আউলি বাউলি হৈ /বৰদৈচিলাজনী আজি/ক'লৈ বা যায় /গাত পলাশৰ ৰং লগাই /হে বৰদৈচিলা /বিগত বছৰৰ
য'ত কলুষ কালিমা/ সকলো নিয়া উৰুৱাই /সৃষ্টিৰ প্ৰেৰণা দিয়া /সমন্বয়ৰ পাতনি মেলা /কুলি কেতেকীক জগাই দিয়া/গাই যাওক নতুনৰ গীত/ ব'হাগৰ। / নতুন দিনৰ ন প্ৰভাতত/মূলমন্ত্ৰ হওক অহিংসা /হে নতুন পুৰুষ আঁহা /আগুৱাই যাওঁ নতুন দিনৰ প্ৰতিশ্ৰুতিৰে । "
এইদৰেই আমি দেখা পাইছো কাব্য সংকলন খনৰ প্ৰতিটো কবিতাই পাঠকৰ  মন চুবলৈ সক্ষম হ'ব। আশা কৰিম অনাগত দিনত কবিৰ নিপুণ হাতৰ পৰশত নিত্য নতুন সৃষ্টিৰে কৃষ্টিৰ পথাৰ জীপাল কৰক ।
 শেষত অজানিতে ৰৈ যোৱা ভুলৰ বাবে ক্ষমা বিচাৰি আজিলৈ সামৰণি মাৰিলোঁ।