Type Here to Get Search Results !

মৰম নদীৰ ঘাটত

 নীলিমা গগৈ


ব'হাগ মানেই কুলিৰ মাত 
কেতেকীৰ বিননী
দুপৰ নিশা
উচুপি উঠিল বহাগী ।
চেৰেং কৈ মনত পৰিল চেনাইলৈ
গুটি ফুলৰ গামোচা খন
পেৰাৰ জাপত
চেনেহৰ চুমা আঁকি
স-যতনে ৰাখিছে তাই।
বাৰীৰ চুকৰ শিমলু জোপাত
কপৌ ফুলৰ সুভাস
মূগাৰ সাজযোৰ পিন্ধি
দু-হাতত জেতুকা বুলাই
কপালত জোনফোট আঁকি
বাট চাই ৰব চেনাইলৈ
আঁহতৰ তলত।
মৰম নদীৰ ঘাটত|
কলডিলিয়া খোপাটিত
গুজি দিব চেনাই ধনে
এপাহী কপৌ
লাজতে সেন্দুৰী হ'ব
ৰঙা দু-গাল ।
সাঁচতিৰ তামোল খন
যতনাই দিব মৰমৰ চেনাইক
ঢোলৰ মাতত, পেপাৰ মাতত,
বাঁহীৰ সুৰত
ন-পানী বহাদি বাঢ়িব
সিঁহতৰ মৰমবোৰ
গোলাপ,তগৰ, কপৌফলে
উলাহত নাচিব
মৰম নদীৰ ঘাটত।