গীতাঞ্জলি দেৱী
নাহৰৰ কুমলীয়া পাত এখিলাত এটা সুহুৰি
এটা বনগীতৰ কলি নিগৰি সৰে ।
সেইহেন চিকুন আবেলিটোত
সলাই-পজৰাই মৰমৰ মাকো
নাজিতৰাৰ দুচকু এই ৰয় ,
এই উজাই যায় সৌ পদুলিৰে ।
বুকুত উজান বসন্তৰ বৰদৈচিলা ।
তেজত গিৰ-গিৰাই মঘাই ঢোলৰ কোব-তালি ,
গম্-গমায়
সঘন উশাহেৰে লহমা উজায় ।
আবেলিটো মোহ-মোহকৈ গোন্ধায় ।
নাচনী জৰীত ডুলি থকা নাজিতৰাৰ ফুলাম সপোনটোৰ কথা মাকেও জানে ,
উঠনীয়া গাভৰুৰ সপোন
গঢ়া খহি এই বাগৰোঁ, এই বাগৰোঁ যেন-।
ধিপ্ -ধিপাই উঠে মাকৰ বুকুখন-
"কোনে জানে ? কোনে জানে ?
কেতিয়া খহে বৰনৈৰ গড়া ?
ধল তলমল নিচিগা ধাৰেৰে
কোন উটে ,কোন বুৰে ?
কোনে জানে ? "
বুজাব নোৱাৰি , বুজিব নুখুজি ।
ব'হাগ এনেকুৱাই ,
মাকেও বুজে ।
বুজিও বুজাই -
বোলে-"জপাৰ কাপোৰে,জীয়াৰী জীৱনে একে ।"
তৰাই নুবুজে ,
সলাই-পজৰাই চেনেহৰ মাকো ,
সপোনটো ৰঙা আঁচুৰে লাহেকৈ নামে ।
নাহৰৰ সুহুৰি শুনি
চাঁটকৈ সৰেচোন বিজুলী মাকো ,
এটোপাল ঘাঁম লাজে-লাজে নামে তৰাজনীৰ বুকুৰ ভাঁজেৰে ।